নেশ্যনেল ডেস্ক, ১৮ জুন : গালৱান ভেলীত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ২০ ভাৰতীয় সেনাৰ ভিতৰৰ নিহত সৈনিক হাবিলদাৰ কে পালানীৰ নশ্বৰদেহৰ বিমানখন বুধবাৰে মাজ নিশা মাদুৰাই বিমান বন্দৰত অৱতৰণ কৰে ।
মাদুৰাইৰ কালেক্টৰ টি জি বিনয়,মাদুৰাই বিমান বন্দৰৰ নিৰ্দেশক এছ সেন্থিল ভালাৱন,মাদুৰাইৰ আয়ুক্ত ডেভিদচন দেৱচিৰভথম, দক্ষিণাঞ্চলৰ আই জি কে পি শ্বানমুগা ৰাজেশ্বৰন,মাদুৰাই ৰেঞ্জৰ ডি আই জি এনি বিজয়া,মাদুৰাই এছ পি মনিভন্নন,মাদুৰাইৰ সাংসদ সু ভেংকটচন আৰু থিৰুপৰনকুণ্ডৰামৰ বিধায়ক চৰভননে নিহত সেনা জোৱানগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখ্য যে,নিহত সৈনিক হাবিলদাৰ কে পালানীৰ নশ্বৰ দেহটো তেওঁৰ নিজ ঠাই ৰামনাথপুৰম জিলালৈ লৈ যোৱাৰ পিছত বৃহস্পতিবাৰে সামৰিক মৰ্যদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ।
লগতে পঢ়ক: ডুমডুমা নগৰৰ মাজমজিয়াত নিচাসক্ত এম্বুলেঞ্চ চালকৰ অতপালি