ETV Bharat / bharat

Covid ৰ পাচত সলনি হ'ব সামাজিক-অৰ্থনৈতিক, যোগান ব্যৱস্থা, ভৌগোলিক ৰাজনীতি : ছানিয়াল

author img

By

Published : Apr 17, 2020, 11:50 PM IST

Updated : Apr 18, 2020, 11:18 AM IST

Covid ৰ পাচত সলনি হ'ব সামাজিক-অৰ্থনৈতিক, যোগান ব্যৱস্থা, ভৌগোলিক ৰাজনীতি ৷ এই মন্তব্য কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ মুখ্য় অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ ছানিয়ালৰ ৷

Covid ৰ পাচত সলনি হ'ব সামাজিক-অৰ্থনৈতিক, যোগান ব্যৱস্থা, ভৌগোলিক ৰাজনীতি : ছানিয়াল
Covid ৰ পাচত সলনি হ'ব সামাজিক-অৰ্থনৈতিক, যোগান ব্যৱস্থা, ভৌগোলিক ৰাজনীতি : ছানিয়াল

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ মুখ্য় অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ ছানিয়ালে শুকুৰবাৰে মন্তব্য কৰে যে, কৰ'ণা ভাইৰাছৰ পৰা বিশ্বই মুক্তি লাভ কৰাৰ পাচত সামাজিক-অৰ্থনৈতিক, যোগান ব্যৱস্থা আৰু ভৌগোলিক ৰাজনীতি পূৰ্বৰ দৰে হৈ নাথাকে ৷

সঞ্জীৱ ছানিয়ালৰ টুইট
Covid ৰ পাচৰ পৰিস্থিতি

এক টুইটৰ জৰিয়তে ছানিয়ালে তেওঁৰ মতাদৰ্শ প্ৰকাশ কৰি কয় যে, COVID ৰ পূৰ্বৰ পৰিস্থিতিলৈ বিশ্ব ঘূৰি আহিব নোৱাৰিবও পাৰে ৷

কৰ'ণা ভাইৰাছ সংকটৰ ফলত অৰ্থনৈতিক অস্থিৰতাৰ বাবে ভাৰতৰ পদক্ষেপ সম্পৰ্কত তেওঁ লিখে, "অৰ্থনৈতিক দিশত Covid ৰ পাচৰ পৰিস্থিতি Covid ৰ পূৰ্বৰ পৰিস্থিতিলৈ ঘূৰি নাহিবও পাৰে ৷ সামাজিক-অৰ্থনৈতিক, ভৌগোলিক-ৰাজনৈতিক, প্ৰযুক্তিবিদ্যাগত, যোগান ব্যৱস্থা, বিশ্ব ৰাজনীতি ব্যৱস্থা আদি সম্পূৰ্ণ পৃথক হৈ পৰিব ৷"

তেওঁ লগতে কয় যে, ভাৰতীয়ই এই নতুন বিশ্ব গঠনৰ বাবে সক্ৰিয়ভাৱে অৱদান আগবঢ়াব লাগিব আৰু এয়া ৰক্ষণমূলক মনোভাৱেৰে সম্ভৱ নহয় বুলিও তেওঁ কয় ৷

  • An important consideration for the post-Covid reconstruction is that we will probably not be returning to the pre-Covid world. The socio-economic, geo-political, technological, supply chain, global governance architecture will be different. 5/n

    — Sanjeev Sanyal (@sanjeevsanyal) April 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আমি সংকটৰ সন্মুখীন হ'বও পাৰো - অধিক গুৰুত্বপূৰ্ণ কথাটো হৈছে নতুন পৰিস্থিতিত আমি কিদৰে একোজন লোক হিচাপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰো" - তেওঁ কয় ৷

আন এক টুইটত ছানিয়ালে কয়, "অৰ্থনীতি সৱল কৰিবৰ বাবে ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইয়াৰোপৰি, এই সংকটৰ পাচৰ সময়ৰ বাবেও চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে ৷"

ভাৰতে অৰ্থনীতি সুস্থিৰ কৰিবৰ বাবে এটা এটাকৈ সৰু পদক্ষেপ গ্ৰহণ কৰিছে ৷ Covid-19 ৰ পাচৰ সময়ৰ বাবে দেশক অন্য কিছু যাৱতীয় ব্যৱস্থাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে ৷ স্বাস্থ্যখণ্ডক ভালদৰে পৰিচালনা কৰিব পাৰিলে সকলো সম্ভৱ বুলি মন্তব্য কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা গৰাকীয়ে ৷

ছানিয়ালে লগতে কয় যে, দেশে এক অনিশ্চিত পৰিস্থিতি আৰু অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি আছে ৷ চৰকাৰে আটাইতকৈ শোচনীয় অৱস্থাত থকা বিভাগ, উদ্যোগ আৰু ব্যক্তিক প্ৰথমে সাহাৰ্য প্ৰদান কৰাৰ পাচতহে অন্য বিষয় সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিব ৷

উল্লেখ্য যে, চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে যোৱা এক মাহ ধৰি সাধাৰণ লোক, ব্যৱসায়ৰ উত্থানৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷

শুকুৰবাৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসেও অৰ্থনীতি সুস্থিৰ কৰিবৰ বাবে বিভিন্ন পদেক্ষপ আৰু আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰিছে ৷

Last Updated : Apr 18, 2020, 11:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.