ETV Bharat / bharat

COVID-19ৰ ফলত সামাজিক অপবাদ এক 'বৃহৎ প্ৰত্যাহ্বান' : স্বাস্থ্য সচিব

author img

By

Published : Apr 26, 2020, 5:28 PM IST

Updated : Apr 26, 2020, 6:39 PM IST

সামাজিক অপবাদ এক 'বৃহৎ প্ৰত্যাহ্বান' হিচাপে থিয় দিছে বুলি মন্তব্য কৰে স্বাস্থ্য সচিব প্ৰীতি চুডানে ৷ এই অপবাদ দূৰ কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে চুডানে ৷

স্বাস্থ্য সচিব
COVID-19ৰ ফলত সামাজিক অপবাদ এক 'বৃহৎ প্ৰত্যাহ্বান'

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল : COVID-19ৰ ফলত দেশত বৃদ্ধি পাইছে সামাজিক অপবাদৰ বহু ঘটনা ৷ এই সম্পৰ্কত কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি চুডানে কয় যে, বৰ্তমান সময়ত দেশৰ বাবে COVID-19 ত আক্ৰান্ত লোকে সামাজিক অপবাদৰ সন্মুখীন হোৱাটোও এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে ৷

প্ৰীতি চুডানে কয়, "আমি সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বান সমূহৰ অন্যতম হৈছে COVID-19ৰ ফলত আৰম্ভ হোৱা সামাজিক অপবাদ ৷ COVID-19 ত আক্ৰান্ত ৰোগী আৰু তেওঁৰ পৰিয়ালৰ ওপৰত এনে প্ৰতিবন্ধকতা আৰোপ কৰিছে সমাজে ৷"

তেওঁ লগতে কয় যে,চৰকাৰে এনে লোকৰ সুৰক্ষা নিশ্চিত কৰিছে ৷ COVID-19 সম্পৰ্কত বিভিন্ন বেচৰকাৰী সংস্থা আৰু সামাজিক সংগঠনৰ সৈতে এক ভাৱ বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় চুডানে ৷

নীতি আয়োগে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী সঞ্চালক অমিতাভ কান্তা, স্বাস্থ্য মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব বন্দনা গুৰনানী, স্বাস্থ্য় মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱাল ৷ COVID-19 সম্পৰ্কত কিছুদিন পূৰ্বে স্বাস্থ্য মন্ত্ৰণালয়ে এক নিৰ্দেশনা জাৰী কৰিছিল ৷ এই নিৰ্দেশনাত কোৱা হৈছিল যে, 'COVID যুদ্ধা' সকলক সকলোৱে সমৰ্থন জনোৱা উচিত ৷

লাভ আগৰৱালে কয় যে, CSO আৰু NGO সমূহে সামাজিক দুৰত্ব আৰু অন্যান্য উপায় অৱলম্বন সন্দৰ্ভত সকলোকে সজাগ কৰিবৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ৷

অমিতাভ কান্তে কয়, "আমি উচিত সময়ত ব্যৱস্থা গ্ৰহণ নকৰা হ'লে বৰ্তমান পৰ্যন্ত 10 লাখতকৈ অধিক লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'লহেতেন আৰু এই বৃদ্ধিৰ হাৰ বৰ্তমানৰ হাৰতকৈ 44 শতাংশ অধিক হ'লহেতেন ৷"

লগতে চাওকঃ কোভিড-১৯ ৰোগীৰ পৰিচৰ্যাৰ বাবে লাভজনক এণ্টি লেপ্ৰছি ভেকচিন

Last Updated : Apr 26, 2020, 6:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.