ETV Bharat / bharat

হিমাচল প্ৰদেশত আৰম্ভ হৈছে বছৰটোৰ প্ৰথম তুষাৰপাত - শুভ্ৰ বৰফৰ আৱৰণ

হিমাচল প্ৰদেশত ক্ৰমাত ৰূপ সলাইছে প্ৰকৃতিয়ে ৷ সোমবাৰে পুৱাৰ পৰা হিমাচলৰ লাহোল-স্পীতি আৰু কুল্লু,মানালীৰ ওখ পাহৰৰ শিখৰ সমূহত তুষাৰপাত হয় যাৰ ফলত ৰোহতাংগ আৰু বাৰালাচাৰ লগতে পাহাৰৰ শিখৰ সমূহ শুভ্ৰ বৰফৰ আৱৰণেৰে ঢাক খোৱা পৰিলক্ষিত হয় ৷

Snowfall in Lahaul spiti and Kullu district
হিমাচল প্ৰদেশত আৰম্ভ হৈছে বছৰটোৰ প্ৰথম তুষাৰপাত
author img

By

Published : Oct 26, 2020, 5:19 PM IST

Updated : Oct 26, 2020, 6:49 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰ : হিমাচল প্ৰদেশত ক্ৰমাত ৰূপ সলাইছে প্ৰকৃতিয়ে ৷ সোমবাৰে পুৱাৰ পৰা হিমাচলৰ লাহোল-স্পীতি আৰু কুল্লু মানালীৰ ওখ পাহৰৰ শিখৰ সমূহত তুষাৰপাত হয় যাৰ ফলত ৰোহতাংগ আৰু বাৰালাচাৰ লগতে পাহাৰৰ শিখৰ সমূহ শুভ্ৰ বৰফৰ আৱৰণেৰে ঢাক খোৱা পৰিলক্ষিত হয় ৷ পাহাৰত তুষাৰপাতৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে অঞ্চলসমূহত শীতৰ প্ৰকোপ আৰম্ভ হৈছে ৷

এই তুষাৰপাতৰ লগে লগে পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত ব্যৱসায়ী সকলে শান্তিৰে নিশ্বাস পেলাইছে ৷ দীঘলীয়া সময় ধৰি পৰ্যটন ক্ষেত্ৰ সমূহ বন্ধ হৈ থকাৰ ফলত ব্যৱসায়ী সকল আৰ্থিক সংকটত ভুগিবলগীয়া হৈছিল ৷ কিন্তু এই তুষাৰপাতৰ পাছতে পৰ্যটক সকলেও কুল্লু-মানালীলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে যিয়ে স্থানীয় ব্যৱসায়ী সকলৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক: কৃষি আইনৰ বিৰোধিতাৰে পাঞ্জাৱত "কিষান ৰে'ল ৰোকো" আন্দোলন

Last Updated : Oct 26, 2020, 6:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.