নতুন দিল্লী,19 জুন: দিল্লীৰ ঝন্দেৱালনৰ ভিডিঅ'কন টাৱাৰৰ 10 মহলাৰ পৰা পৰি দুজন শ্ৰমিকৰ মৃত্যু ৷ লোক দুগাৰীয়ে ক্ৰেণত উঠি অট্টালিকাটোৰ গ্লাছ চাফা কৰি থাকোতে তেওঁলোক উঠি থকা ক্ৰেণ খনৰ সোঁফালৰ ৰচি চিগি যোৱাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয় ৷ লোক দুজনক ৰাজু শৰ্মা আৰু ইচটিয়াক খান বুলি চিনাক্ত কৰা হৈছে ৷ দুয়োগৰাকী বসন্ত কুঞ্জৰ লেবাৰ কলনীৰ বাসিন্দা আছিল ৷
লগতে পঢ়ক: কৰুণ ! যাদু প্ৰদৰ্শন কৰোতে মৃত্যুক সাৱতিলে যাদুকৰে
দুয়োগৰাকী লোকক লেডী হাৰডিং চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও দুয়োগৰাকীকে মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷ দুয়োয়ে এম জি এন্টাৰ প্ৰাইজেছ নামৰ সংস্থাটোৰ কাম কৰিছিল ৷