মেষ- আজিৰ দিনটো মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ ৷ ঘৰলৈ আত্মীয় তথা বন্ধুৰ আগমনে এক আনন্দময় পৰিৱেশ প্ৰদান কৰিব ৷ উপহাৰ লাভ কৰিব পাৰে ৷ আৰ্থিক লাভৰো সম্ভাৱনা ৷ যাত্ৰাৰ বাবে সময় অনুকূল ৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে ৷ সুস্বাদু খাদ্য ভোজনৰ সুবিধা পাব ৷
বৃষ- দিনটো ক্ষোভ আৰু হতাশাৰে ভৰা হ’ব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ পৰিয়ালৰ আৰ্থিক সমস্যাই চিন্তাত পেলাব ৷ উগ্ৰ স্বভাৱৰ বাবে কাৰোবাৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ কষ্টৰ ফল নাপাবও পাৰে ৷ নিজৰ কামসূহ সময়মতে সমাপনৰ চেষ্টা কৰক ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷
মিথুন- পৰিয়ালত সুখ-শান্তি বৰ্তী থাকিব ৷ ব্যৱসায়ত লাভ ৷ আনৰ পৰা কৰ্মক্ষেত্ৰত সহায় লাভ কৰিব ৷ বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে সময় অনুকূল ৷ বন্ধুৰ পৰা কোনো লাভ হ’ব পাৰে ৷ আয় বৃদ্ধিৰ যোগ ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ সন্তানৰ পৰা শুভসংবাদ লাভ ৷
কৰ্কট- আজি ঘৰুৱা কাৰণত সময় আৰু ধন ব্যয় কৰিবলগীয়া হ’ব ৷ ব্যৱসায়ত লাভ ৷ বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব ৷ পৰিয়ালত শান্তি বৰ্তী থাকিব ৷ চৰকাৰী কামত লাভ ৷ সন্মান বৃদ্ধি পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷ পৰিয়ালৰ সৈতে ঘৰৰ পৰা বাহিৰত অৱসৰৰ সময় কটাব পাৰে ৷
সিংহ- আজি কোনো কথা খং উঠিব পাৰে ৷ যিয়ে দিনটো ব্যতিব্যস্ত কৰি ৰাখিব পাৰে আপোনাক ৷ সংঘাতৰ বাবে অশান্তিত ভুগিব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চিন্তা কৰিব ৷ ব্যৱসায় আৰু চাকৰিত অসন্তুষ্টি বাঢ়িব পাৰে ৷ আশা কৰা মতে ফল লাভ নকৰিবও পাৰে ৷ ধৈৰ্যৰে দিনটো পাৰ কৰক ৷
কন্যা- আজি কোনো নতুন কাম আৰম্ভ নকৰাটোৱেই ভাল ৷ হাতত থকা কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক ৷ ব্যৱসায়ীৰ বাবে এটা সাধাৰণ দিন ৷ বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ খং নিয়ন্ত্ৰণত ৰাখক ৷ অধিক ধন ব্যয় হ’ব পাৰে ৷ গোপন শত্ৰুৱে অপকাৰ কৰিব পাৰে ৷ চৰকাৰ বিৰোধী তথা নিয়ম বিৰুদ্ধ কামৰ পৰা নিজক আঁতৰাই ৰাখক ৷ জীৱন সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে ৷
তুলা- আজিৰ দিনটো আনন্দ আৰু ৰোমাঞ্চকৰ হ’ব ৷ সন্মান লাভৰ যোগ ৷ যশ আৰু কীৰ্তি বৃদ্ধি পাব ৷ ব্যৱসায়ত উন্নতি ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ নতুন কাপোৰ বা অলংকাৰ আদি কিনিব পাৰে ৷ দাম্পত্যত সুখ বৰ্তী থাকিব ৷ মানসিক স্থিতি অতি উত্তম হ’ব ৷ বন্ধুৰ সৈতে সময় কটাব পাৰে ৷
বৃশ্চিক- পাৰিবাৰিক শান্তিয়ে মন আনন্দিত কৰি ৰাখিব ৷ বিচৰা সফলতা লাভ কৰিব ৷ চাকৰিয়াল সকলে কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ কৰিব ৷ শত্ৰুৱে অপকাৰ কৰিব খুজিলেও সফল নহ’ব ৷ হঠাৎ ধন খৰচ হ’ব পাৰে ৷ বিনিয়োগৰ কথা ভাবিব পাৰে ৷ ৰোগৰ পৰা উপশম লাভ কৰিব ৷
ধনু- আজি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ পেটৰ সমস্যাই অশান্তি দিব পাৰে ৷ কৰ্মত সফলতা লাভ নকৰাত নিৰাশ হ’ব পাৰে ৷ সাহিত্য তথা সৃষ্টিশীল কৰ্মৰ প্ৰতি ৰুচি জাগিব ৷ সন্তানকলৈ চিন্তা হ’ব পাৰে ৷ ভ্ৰমণত সতৰ্ক হওক ৷ চাকৰিয়াল সকলে নিজৰ কামত মনোযোগ দিয়ক ৷
মকৰ- আজি শাৰীৰিক আৰু মানসিক সমস্যাই অশান্তি দিব পাৰে ৷ পৰিয়ালৰ মাজত বিবাদ হ’ব পাৰে ৷ আপোনজনৰ সৈতে মতবিৰোধ হ’ব পাৰে ৷ বুকুৰ বিষত ভুগিব পাৰে ৷ টোপনি কম হ’ব পাৰে ৷ মানহানিৰ আশংকা ৷ মহিলাৰ সৈতে সাৱধানে বাৰ্তালাপ কৰিব ৷ মানসিক স্বাস্থ্যত প্ৰতিকূলতা সৃষ্টি হ’ব পাৰে ৷
কুম্ভ- মনৰ পৰা চিন্তা আঁতৰিব ৷ মানসিকভাৱে সুখী অনুভৱ কৰিব ৷ শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব ৷ পাৰিবাৰিক দিশত সুখ বৰ্তী থাকিব ৷ কৰ্মস্থলীত সফলতাৰে দিনটো পাৰ হ’ব ৷ বিশেষকৈ ভাই-ভনীৰ সৈতে সম্পৰ্কত মধুৰতা অনুভৱ কৰিব ৷ বিদ্যাৰ্থীৰ বাবে শুভ সময় ৷
মীন- আজি কথা কওঁতে সাৱধান হওক ৷ আৰ্থিক লেন-দেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বিঘ্নিত হ’ব পাৰে ৷ পৰিয়ালৰ মাজত বিবাদৰ সম্ভাৱনা ৷ খোৱা-বোৱাত চকু দিব ৷ কৰ্মস্থলীত মনোযোগ কমিব পাৰে ৷ কামৰ বোজা বেছি হোৱাৰ বাবে আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ ধৈৰ্যৰে কামবোৰ সম্পন্ন কৰিবলৈ চেষ্টা কৰক ৷