গুৱাহাটী : বৃহস্পতিবাৰে সন্ধিয়া বোমাৰ ভুৱা খবৰে জোকাৰি যায় গুৱাহাটী । গুৱাহাটী ৰে’ল ষ্টেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বোমা স্থাপনৰ এই ভুৱা খবৰ বিয়পি পৰে । অৱশ্যে এই খবৰ ৰাজহুৱা হোৱা নাছিল বাবে ৰাইজৰ মাজত আতংকৰ সৃষ্টি নহ'ল । বিভাগীয় কৰ্তৃপক্ষৰ মাজতে বোমাৰ খবৰটো সীমিত থাকে ।
জানিব পৰা মতে শ্বিলং আৰক্ষীৰ পৰা এটা ফোন আহিছিল আৰু ফোন কলটোৰ যোগেদি গুৱাহাটী ৰে'ল ষ্টেচনত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছে বুলি কোৱা হৈছিল । এই খবৰ লাভ কৰাৰ পাছতে গুৱাহাটী ৰে'ল ষ্টেচনত নিশ্চিদ্ৰ তালাচী চলোৱা হয় । কিন্তু পৰৱৰ্তী সময়ত খবৰটো ভুৱা প্ৰমাণিত হয় ।
লক্ষণীয় বিষয় যে ৰে’ল আৰক্ষীয়ে যাত্রীৰ মাজত যাতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বোমাৰ খবৰটো সংগোপনে ৰাখি খবৰৰ সত্যতা সন্দৰ্ভত অভিযান চলায় । জি আৰ পি, আৰ পি এফৰ লগতে স্নিফাৰ ডগ স্কোৱাডৰ সহায় লৈ ৰে'ল ষ্টেচন আৰু দাঁতিকাষৰীয়া অঞ্চলত ব্যাপক অভিযান চলোৱা হয় ।
প্রতিগৰাকী যাত্ৰীক তালাচী চলোৱা হয় । আনকি ৰে’ল ষ্টেচনত অগ্নিনিৰ্বাপক বাহিনীও সাজু কৰি ৰখা হয় । বোমা বিশেষজ্ঞ, ডগ স্কোৱাডে তন্নতন্নকৈ তালাচী চলায় । কিন্তু ব্যাপক অভিযানৰ পাছতো নাপালে কোনো বিস্ফোৰক সামগ্ৰী । অৱশেষত ফোন কলটো মিছা আছিল বুলিয়ে প্ৰতিপন্ন হয় । ইফালে ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীৰে যোগাযোগ কৰা হৈছিল যদিও তেওঁলোকে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।
কিন্তু পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ৰে'লৱে কৰ্তৃপক্ষই বিবৃতিযোগে জনাই যে বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত গুৱাহাটীৰ মহানগৰ আৰক্ষী নিয়ন্ত্ৰণে ১১২ শ্বিলং আৰক্ষীৰ পৰা এটা ফোন কল লাভ কৰে । ফোন কৰা ব্যক্তিজনে মোবাইল নম্বৰ ব্যৱহাৰ কৰি ১১২ শ্বিলং আৰক্ষীক জনাই যে তেওঁলোকে গুৱাহাটীৰ পল্টন বজাৰ ৰে'ল ষ্টেচনত এটা বোমা বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰি আছে ।
এই তথ্য তৎক্ষণাৎ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰচাৰ কৰা হয় । মহানগৰ আৰক্ষীয়ে জি আৰ পি আৰু আৰ পি এফৰ সৈতে তৎক্ষাণিকভাৱে সমগ্ৰ ষ্টেচনটোৰ পুংখানুপুংখ তালাচী আৰম্ভ কৰে । স্নিফাৰ ডগ আৰু বোমা চিনাক্তকৰণ সঁজুলি ব্যৱহাৰ কৰি কোনো আতংকৰ পৰিৱেশৰ সৃষ্টি নকৰাকৈ অভিযান চলায় । কিন্তু অভিযানকালত তেনে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ নহ'ল ।
বিবৃতিটোত লগতে কোৱা হয় যে ফোনকৰ্তাই ব্যৱহাৰ কৰা নম্বৰটো চিনাক্ত কৰা হৈছে আৰু এই সন্দৰ্ভত অধিক অনুসন্ধান চলি আছে । সংশ্লিষ্ট সকলো পক্ষৰ দ্বাৰা চলোৱা সতৰ্কতামূলক তালাচীৰ পিছত সন্দেহজনক একো ধৰা নপৰিল বুলি বিবৃতিটোত কোৱা হয় ।
ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি অসম আৰক্ষীক অৱগত কৰাৰ লগে লগে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটী মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ অৰ্ধ শতাধিক বেটেলিয়ন গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ তালাচী অভিযান চলায় ।
উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ বাকৰি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ চৌহদ, 2 নং গোপীনাথ বৰদলৈ তিনিমহলীয়া ছাত্ৰাবাস আদিকে ধৰি আঠটা স্থানত বোমা সংস্থাপন কৰা বুলি জানিব পাৰি মহানগৰ আৰক্ষীৰ দলে স্নিফাৰ ডগ লৈ বিশ্ববিদ্যালয়ৰ সমগ্ৰ চৌহদ তন্নতন্নকৈ পৰীক্ষা কৰে ।
অৱশ্যে মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই কোনোধৰণৰ বোমাৰ সম্ভেদ নাপালে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে সম্প্রতি গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে বিভিন্ন বিভাগৰ ষাণ্মাসিকৰ পৰীক্ষা । ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ আবাসীসকলে পঢ়াশুনাত ব্যস্ত হৈ থকাৰ মাজতে এনেধৰণৰ বোমাৰ আতংকৰ ঘটনাই স্বাভাৱিকতে পৰীক্ষাৰ্থীসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে ।
এই সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ননীগোপাল মহন্তই কয়, "আৰক্ষীৰ উচ্চপদস্থ বিষয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে আন ঠাইত বোমা সংস্থাপন কৰা বুলি ই-মেইল পাইছিল । এই মেইল আমিও পাইছোঁ । কোনে দিছে সেয়া আৰক্ষীয়ে তদন্ত কৰিব । ঘটনাটোৰ সত্যতা নাজানো । আৰক্ষীয়ে বিশ্ববিদ্যালয়ত তালাচী চলাইছে । এয়া পৰিকল্পিত ভাবুকি যেন অনুমান হৈছে ।"
তেওঁ লগতে কয়, "গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ বাকৰি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ চৌহদ, 2 নং গোপীনাথ বৰদলৈ তিনিমহলীয়া ছাত্ৰাবাস আদিকে ধৰি আঠটা স্থানত বোমা সংস্থাপন কৰা বুলি ভাবুকি দিছে । এই ঘটনাক লৈ ছাত্ৰ-ছাত্ৰীসকল আতংকিত হৈ আছে ।"