ETV Bharat / bharat

গুজৰাটত উপস্থিত ৰাজস্থানৰ 6 গৰাকী বিজেপি বিধায়ক - গুজৰাটত উপস্থিত ৰাজস্থানৰ 6 গৰাকী বিজেপি বিধায়ক

ৰাজস্থানৰ বিধানসভা অধিৱেশনৰ পূৰ্বেই 6 গৰাকী বিজেপি বিধায়ক গুজৰাটৰ পোৰবন্দৰত উপস্থিত হয় ৷ ৰাজস্থানৰ আৰু অধিক সংখ্যক বিজেপি বিধায়ক গুজৰাটত উপস্থিত হ’ব বুলি পোৰবন্দৰত উপস্থিত হোৱাৰ পাচত এগৰাকী বিধায়কে জানিবলৈ দিয়ে ৷

Six Rajasthan BJP MLAs reach Gujarat
গুজৰাটত উপস্থিত ৰাজস্থানৰ 6 গৰাকী বিজেপি বিধায়ক
author img

By

Published : Aug 9, 2020, 1:47 PM IST

নিউজ ডেস্ক, 9 আগষ্ট: আগন্তুক 14 আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থানৰ বিধানসভা অধিৱেশনৰ পূৰ্বেই 6 গৰাকী বিজেপি বিধায়ক গুজৰাটৰ পোৰবন্দৰত উপস্থিত হয় ৷

উল্লেখ্য যে, ৰাজস্থানৰ আৰু অধিক সংখ্যক বিজেপি বিধায়ক গুজৰাটত উপস্থিত হ’ব ৷ বিশেষ চাৰ্টাৰ্ড বিমানেৰে পোৰবন্দৰত উপস্থিত হোৱাৰ পাচত এগৰাকী বিধায়কে সদৰি কৰে এই কথা ৷ ইয়াৰোপৰি, বিজেপি বিধায়ক নিৰ্মল কুমাৱতে সংবাদ মাধ্যমযোগে অভিযোগ উত্থাপন কৰি কয় যে, ‘‘ৰাজস্থানত কংগ্ৰেছে বিৰোধী দলৰ বিধায়কসকলৰ মাজত অশান্তিৰ সৃষ্টি কৰি আছে আৰু কয় যে, তেওঁলোকে মানসিক শান্তি বিচাৰি সোমনাথ যাত্ৰা কৰিছিল’’ ৷

Six Rajasthan BJP MLAs reach Gujarat
গুজৰাটত উপস্থিত ৰাজস্থানৰ 6 গৰাকী বিজেপি বিধায়ক

লগতে বিধায়ক গৰাকীয়ে কয় যে, ‘‘আমি ভগৱান সোমনাথৰ দৰ্শন কৰি মানসিক অশান্তি কম কৰাৰ বাবে সিদ্ধান্ত লৈছো ৷ কিন্তু ইয়াত আমি নিজেই কংগ্ৰেছ চৰকাৰৰ পৰা বাছিবলৈ প্ৰয়াস কৰিছো, যিয়ে আমাৰ পক্ষে ভোট দিয়াসকলৰ ওপৰত চাপ দি আছে’’ ৷

‘‘বিজেপি নেতৃবৃন্দৰ সিদ্ধান্ত অনুযায়ী আৰু অধিক সংখ্যক বিজেপি বিধায়ক গুজৰাটত উপস্থিত হয় ৷ তেওঁলোকে দুদিনৰ বাবে গুজৰাটত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই মূহুৰ্তত কংগ্ৰেছী বিধায়কসকলক জৈছলমেৰৰ এখন হোটেলত ৰখা হৈছে, কিয়নো কংগ্ৰেছ নেতা শচীন পাইলট আৰু তেওঁৰ সহযোগী 18 গৰাকী বিধায়কে বিদ্ৰোহৰ বাবে দলটোৱে বিজেপিক ঘোৰ ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন কৰিছে’’ ৷

শনিবাৰে জয়পুৰ বিমানবন্দৰৰ পৰা বিজেপি বিধায়ক নিৰ্মল কুমাৱত, গোপীচন্দ মীণা, জব্বাৰ সিং চাংখলা, ধৰ্মেন্দ্ৰ কুমাৰ মোচী, গোপাল লাল শৰ্মা আৰু গুৰদীপ সিং শ্বাহপীনীয়ে যাত্ৰা কৰিছিল ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.