ETV Bharat / bharat

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত ছগৰাকী

উত্তৰ প্ৰদেশৰ বাহৰেইখত সংঘটিত হোৱা পথ দুৰ্ঘটনাত 6 গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে 10 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ অঞ্চলটোৰ পয়াগপুৰ নামৰ ঠাইৰ শিৱদাহা মোড়ত সংঘটিত হয় এই দুৰ্ঘটনা ৷

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত ছগৰাকী
উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত ছগৰাকী
author img

By

Published : Nov 2, 2020, 9:26 AM IST

নিউজ ডেস্ক, 2 অক্টোবৰ : সোমবাৰে ৰাতিপুৱা উত্তৰ প্ৰদেশৰ বাহৰেইখ জিলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জিলাখনৰ পয়াগপুৰৰ শিৱদাহা নামৰ ঠাইৰ এটা কেকুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

এখন মিনি-ট্ৰাকে যাত্ৰী কঢ়িয়াই লৈ আহি থকা অৱস্থাত এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি খুন্দাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত 5গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে চিকিৎসালয়লৈ নি থকা অৱস্থাত আন এজনে প্ৰাণত্যাগ কৰে ৷ দুৰ্ঘটনাটোত মুঠ 6গৰাকী লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 10গৰাকী লোক ৷

আঘাতপ্ৰাপ্ত আটাইকেইগৰাকীকে স্থানীয় জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আটাইৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ লখিমপুৰ খেৰি জিলাৰ কিচৌচা দৰগাহৰ পৰা উভটি অহাৰ সময়তে এই মিনি-ট্ৰাকখন এইদৰে দুৰ্ঘটনাত পতিত হয় ৷ ইয়াৰ পূৰ্বে 31 অক্টোবৰত বিজানোৰ জিলাৰ নেহাটুৰ আৰক্ষী চকী এলেকাৰ এটা ৰিলায়েন্স পেট্ৰ'ল পাম্পৰ সন্মুখত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এখন বাহনে পথৰ কাষৰ ডিভাইদাৰত খুন্দা মাৰি পুখুৰীত পৰিছিল আৰু থিতাতে নিহত হৈছিল বেৰেলি জিলাৰ ৰাবৰি টোলাৰ 4গৰাকীকৈ লোক ৷

লগতে পঢ়ক : শ্ৰীনগৰত হিজাবুল মুজাহিদিনৰ শীৰ্ষ নেতাক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.