ETV Bharat / bharat

LAC ত চীনা সৈন্যৰ পুনৰ দুঃসাহসঃ ভাৰতীয় সেনাই দিলে উচিত প্ৰত্যুত্তৰ - ভাৰত আৰু চীনৰ সৈনিক

"ভাৰতীয় সেনাই চীনা সৈনিকৰ চতুৰালিক বিফল কৰিছে ৷ চীনা সেনাই সৈন্য আৰু ৰাজনৈতিক স্তৰত লোৱা সৰ্বসন্মতি সিদ্ধান্তৰ উলংঘন কৰিছে ৷ তেওঁলোকে ইয়াত স্থিতিক সলনি কৰিবলৈ আন এক অসফল প্ৰয়াস চলায় ": কৰ্ণেল অমন আনন্দ ৷

situation-update-eastern-ladakh
LAC ত চীনা সৈন্যৰ পুনৰ দুঃসাহসঃ ভাৰতীয় সেনাই দিলে উচিত প্ৰত্যোত্তৰ
author img

By

Published : Aug 31, 2020, 1:26 PM IST

নতুন দিল্লী, 31 আগষ্ট: ভাৰত আৰু চীনৰ সৈনিকৰ মাজত বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত পুনৰ সংঘৰ্ষৰ খবৰ পোহৰলৈ আহিছে ৷ 29 আৰু 30 আগষ্টৰ নিশা পেংগোগ-তসো-হৃদৰ দক্ষিণত চীনা সৈনিকৰ গতিবিধি হঠাৎ বৃদ্ধি পাইছে ৷ ভাৰতীয় সেনাই চীনা সৈনিকৰ অনুপ্ৰৱেশৰ এই প্ৰচেষ্টাত বিফল কৰিবলৈ সক্ষম হয় ৷

সেনাৰ কৰ্ণেল অমন আনন্দে এই সন্দৰ্ভত কয় যে, "ভাৰতীয় সেনাই চীনা সৈনিকৰ চতুৰালিক বিফল কৰিছে ৷ চীনা সেনাই সৈন্য আৰু ৰাজনৈতিক স্তৰত লোৱা সৰ্বসন্মতি সিদ্ধান্তৰ উলংঘন কৰিছে ৷ তেওঁলোকে ইয়াত স্থিতিক সলনি কৰিবলৈ আন এক অসফল প্ৰয়াস চলায় ৷ "

উল্লেখ্য যে, 15-16 জুনত লাডাখৰ গলৱানত এল এ চিত ভাৰত আৰু চীনৰ সৈনিকৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছিল ৷ সংঘৰ্ষত ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেলসহ 20 গৰাকী সৈনিক শ্বহীদ হৈছিল ৷ ভাৰতেও দাবী কৰিছিল যে উক্ত সংঘৰ্ষত চীনৰো কেবাজনো সৈনিক নিহত হৈছিল ৷ কিন্তু চীনে নিহত হোৱা সৈনিক সন্দৰ্ভত এতিয়ালৈকে চৰকাৰী ভাৱে মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ৷

লগতে পঢ়ক : ‘কাভকাজ 20’ত অংশগ্ৰহণ নকৰাৰ আকস্মিক সিদ্ধান্ত ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.