ETV Bharat / bharat

ক্ৰমাৎ জম্মু-কাশ্মীৰত স্বাভাৱিক হৈছে পৰিস্থিতি - জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতি

কাশ্মীৰ উপত্যকাত ক্ৰমান্বয়ে উভতি আহিছে স্বাভাৱিক জীৱন ৷ এক সংবাদমেলযোগে এই কথা প্ৰকাশ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ ৷ জনসাধাৰণক দুষ্ট চক্ৰৰ উৰাবাতৰিত ভোল নাযাবলৈ দেশবাসীক অনুৰোধ প্ৰশাসনৰ ৷

Situation normal in Kashmir valley
author img

By

Published : Aug 20, 2019, 2:43 PM IST

নিউজ ডেস্ক,20আগষ্টঃ কাশ্মীৰ উপত্যকাত ক্ৰমান্বয়ে উভতি আহিছে স্বাভাৱিক জীৱন গতি ৷এতিয়ালৈকে আইন ভংগ কৰাৰ কোনোধৰণৰ ঘটনা সংঘটিত হোৱা নাই৷ প্ৰশাসনৰ শীৰ্ষ বিষয়া ছৈয়দ ছেহৰিছ আছগাৰে জনায় যে আইন কিছু শিথিল কৰি বিদ্যালয়সমূহ পুনৰ খোলা হৈছে,শিক্ষকসকলক শ্ৰেণীৰ বাবে নিৰ্দেশনা দিয়া হৈছে,কিন্তু বহু ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও বিদ্যালয়লৈ অহা নাই ৷তেওঁ কয়, কাশ্মীৰ উপত্যকাত এতিয়ালৈকে কোনো হিংসাত্মক ঘটনা ঘটা নাই ৷দুষ্ট চক্ৰই কেতবোৰ উৰাবাতৰি উলিয়াবলৈ যত্ন কৰি আছে যদিও জনসাধাৰণক এনেধৰণৰ বাতৰিত ভোল নাযাবলৈ তেওঁ অনুৰোধ জনায় ৷

প্ৰশাসনৰ মতে,আইন শিথিল কৰা ঠাইসমূহ শান্তিময় হৈ আছে৷শিলাবৰ্ষণৰ ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক স্থানৰ পৰা ইতিমধ্যে আঁতৰাই পঠোৱা হৈছে৷উপত্যকাৰ অধিকাংশতে নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত কটকটকটীয়া নিৰাপত্তাৰ ব্যাৱস্থা কৰা হৈছে ৷ শ্ৰী নগৰত 190খন প্ৰাথমিক বিদ্যালয় পুনৰ খোলাৰ ব্যৱস্থা কৰা হৈছে৷উপত্যকাখনৰ বজাৰ আৰু চৰকাৰী যান-বাহন চলাচল বন্ধ হৈ আছে যদিও আইন শিথিল কৰি দিয়াৰ পাছত ব্যক্তিগত যান-বাহনৰ চলাচল ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে সংবাদ মাধ্যমক জানিবলৈ দিছে৷

Intro:Body:

AA

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.