নিউজ ডেস্ক, 6 আগষ্ট : আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰি দিল্লীৰ বজাৰত বুধবাৰে পুনৰ বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য ৷ সোণ প্ৰতি 10 গ্ৰামত 56, 181 টকালৈ বৃদ্ধি পোৱাৰ সমন্তৰালকৈ ৰূপ প্ৰতি কিলোগ্ৰামত 72,726 টকালৈ বৃদ্ধি হয় ৷ ইয়াৰ পূৰ্বে মঙলবাৰে ৰূপ প্ৰতি কিলোগ্ৰাম 66,754 দাম আছিল, যিটো নেকি বুধবাৰে 5, 972 টকা অতিৰিক্ত মুল্যৰ বৃদ্ধিৰে 72,726 টকা হয় গৈ ৷ আনহাতে সোণ প্ৰতি দহ গ্ৰামত মঙলবাৰে 54,816 টকা হৈ আছিল যদিও বুধবাৰে 1,365 টকাৰ অতিৰিক্ত মুল্য বৃদ্ধিৰে 56, 181 টকা হয় ৷
উল্লেখ যে,বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ৰূপ উৎপাদনকাৰী দেশ পেৰুত কৰ‘ণা মহামাৰীৰ ফলত চলি থকা লক ডাউনৰ বাবে ৰূপৰ ৰপ্তানি এক তৃতীয়াংশ হৈ পৰিছে ৷
লগতে পঢ়ক : শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন