নিউজ ডেস্ক,13 ডিচেম্বৰ: জম্মু কাশ্মীৰত অনুষ্ঠিত হৈ থকা জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ মাজতে দেওবাৰে বিয়লি ডল হ্ৰদত আৱদ্ধ হৈ পৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকা এখন নাওসহ বিজেপি কৰ্মী আৰু সাংবাদিকৰ এটা দল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত আৱদ্ধ হৈ পৰা দলটোক উদ্ধাৰ কৰে এচ ডি আৰ এফৰ দলে ৷
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰচাৰ চলাবলৈ যোৱা দলটোৰ নেতৃত্বত আছিল কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ ৷ নেতা গৰাকী জম্মু-কাশ্মীৰত অনুষ্ঠিত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ পৰিদৰ্শৰৰ দায়িত্বত আছে ৷ দলটোত তৰুণ চুগৰ লগতে উপস্থিত আছিল শ্বাহনাৱাজ হুছেইন ৷
লগতে পঢ়কঃ নাইজেৰিয়াৰ বৰ্ডিং স্কুলত অস্ত্ৰধাৰীৰ ভয়ংকৰ আক্ৰমণঃ সন্ধানহীন 400 ছাত্ৰ