ETV Bharat / bharat

মনমোহন সিং আৰু ছোনিয়া গান্ধীক সাক্ষাৎ শ্বেখ হাছিনাৰ

author img

By

Published : Oct 6, 2019, 6:28 PM IST

ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেওবাৰে সাক্ষাৎ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ৷ মনমোহন সিঙৰ লগতে ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো সাক্ষাৎ কৰে শ্বেখ হাছিনাই ৷

মনমোহন সিং, প্ৰিয়ংকা গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে শ্বেখ হাছিনা

নিউজ ডেস্ক, 6 অক্টোবৰঃ ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেওবাৰে আলোচনাত মিলিত হয় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে ৷ নতুন দিল্লীত কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

অধিক পঢ়কঃ ভাৰত-বাংলাদেশৰ মাজত সম্পন্ন ৰন্ধন গেছ আমদানিৰ চুক্তি

দুয়োখন দেশৰ শীৰ্ষপৰ্যায়ৰ নেতাকেইগৰাকীয়ে ভাৰত-বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবলৈ আলোচনাত মিলিত হয় ৷ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা হৈছে দেশখনৰ দীৰ্ঘতম কাৰ্যৰত প্ৰধানমন্ত্ৰী ৷ দেশত কংগ্ৰেছ শাসনকালৰ সময়ত 2009 চনত দ্বিতীয়বাৰৰ বাবে বাংলাদেশৰ ক্ষমতা দখল কৰিছিল শ্বেখ হাছিনাই ৷ দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত 2011 চনত বাংলাদেশ ভ্ৰমণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৷

অধিক পঢ়কঃ প্ৰসংগ এনআৰচিঃ উদ্বিগ্ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

উল্লেখ্য যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালৰ সময়ত ভাৰতৰ সৈতে বহুকেইখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে ৷ ইয়াৰ ভিতৰত ৰন্ধন গেছকে ধৰি কৌশলী বিকাশ যোজনা আছিল অন্যতম ৷ আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে ধৰি অন্যান্য কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল শ্বেখ হাছিনাই ৷

Intro:Body:

মনমোহন সিং আৰু ছোনিয়া গান্ধীক সাক্ষাৎ শ্বেখ হাছিনাৰ 

ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেওবাৰে সাক্ষাৎ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ৷ মনমোহন সিঙৰ লগতে ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো সাক্ষাৎ কৰে শ্বেখ হাছিনাই ৷ 

নিউজ ডেস্ক, 6 অক্টোবৰঃ ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেওবাৰে আলোচনাত মিলিত হয় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে ৷ নতুন দিল্লীত কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 

দুয়োখন দেশৰ শীৰ্ষপৰ্যায়ৰ নেতাকেইগৰাকীয়ে ভাৰত-বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবলৈ আলোচনাত মিলিত হয় ৷ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা হৈছে দেশখনৰ দীৰ্ঘতম কাৰ্যৰত প্ৰধানমন্ত্ৰী ৷ দেশত কংগ্ৰেছ শাসনকালৰ সময়ত 2009 চনত দ্বিতীয়বাৰৰ বাবে বাংলাদেশৰ ক্ষমতা দখল কৰিছিল শ্বেখ হাছিনাই ৷ দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত 2011 চনত বাংলাদেশ ভ্ৰমণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৷ 

উল্লেখ্য যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালৰ সময়ত ভাৰতৰ সৈতে বহুকেইখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে ৷ ইয়াৰ ভিতৰত ৰন্ধন গেছকে ধৰি কৌশলী বিকাশ যোজনা আছিল অন্যতম ৷ আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে ধৰি অন্যান্য কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল শ্বেখ হাছিনাই ৷  

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.