নেশ্যনেল ডেস্ক, ১০ জুন: শ্বাৰ্জিল ইমাম গোচৰৰ তদন্তৰ সময়সীমা ৯০ দিনৰ পৰিৱৰ্তে ১৮০ দিন কৰাৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী আৰক্ষীলৈ এক সূচনা জাৰি কৰে । শ্বাৰ্জিল ইমামে জামিনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু পাটিয়ালা হাউচ ন্যায়ালয়ে তদন্তৰ সময়সীমা ৯০ দিনৰ পৰিৱৰ্তে ১৮০ দিনলৈ বঢ়াই দিয়ে । ন্যায়াধীশ কামেশ্বৰ ৰাওৰ বিচাৰপীঠে ভিডিঅ' কনফাৰেন্সযোগে দিল্লী আৰক্ষীক অহা ২৫ জুনলৈ সফল তদন্তৰ নিৰ্দেশ দিয়ে ।
শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ইউ.এ.পিৰ গোচৰ ৰুজু কৰে । দিল্লী আৰক্ষীৰ অপৰাধ শাখাই জানিবলৈ দিয়া মতে,লক ডাউনৰ বাবে তদন্তৰ গতি কিছু লেহেমীয়া হৈছে । সেইবাবে তদন্তৰ সময়সীমা ৯০ দিনৰ সলনি ১৮০ দিনলৈ বঢ়াই দিয়া হয় ।
জামিয়া বিশ্ববিদ্যালয়ত প্ৰদান কৰা এক ৰাষ্ট্ৰদ্ৰোহী ভাষণৰ অপৰাধত শ্বাৰ্জিল ইমাম সম্প্ৰতি গুৱাহাটী কাৰাগাৰত বন্দী হৈ আছে । এই ঘটনাৰ সৈতে জড়িত ভাষণৰ ভিডিঅ' বনোৱা শ্বাৰ্জিলৰ বন্ধু বৰ্গ আৰু পোষ্টাৰ লগোৱাসকলৰ ৰিৰুদ্ধেও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: আৰ্থিক সমস্যাত পৰিছে বাক্সা আৰু ৰঙিয়াৰ একাংশ শিল্পী