ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

author img

By

Published : Feb 18, 2020, 9:46 PM IST

অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত হ’বলগীয়া 34 সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ উদ্যোগিক বিনিয়োগ নীতি 2020 আৰু জ’ৰাম কল’ৰিয়াংগ ঘাইপথৰ শুভাৰম্ভণি কৰিব ৷

Shah to visit Arunachal on Thursday, take part in Statehood Day function
অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত হ’বলগীয়া 34 সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই অনুষ্ঠানতে প্ৰদেশখনৰ উদ্যোগ তথা যাতায়ত সম্পৰ্কীয় বিভিন্ন প্ৰকল্পৰ ঘোষণা কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে গৃহমন্ত্ৰালয় দপ্তৰে ৷ ইয়াৰোপৰি তেওঁ অৰুণাচল আৰক্ষীৰ নতুন সদৰৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰাৰ কথাও ব্যক্ত কৰে গৃহমন্ত্ৰালয় দপ্তৰে ৷

আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ উদ্যোগিক বিনিয়োগ নীতি 2020 আৰু জ’ৰাম কল’ৰিয়াংগ ঘাইপথৰ শুভাৰম্ভণি কৰিব ৷ ব’ৰ্ডাৰ ৰোড সংস্থাই এই ঘাইপথটো নিৰ্মাণ কৰা বুলিও উল্লেখ কৰে ৷ অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়েও এই ৰাজ্যিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে 20 ফেব্ৰুৱাৰী 1987 চনত অৰুণাচল প্ৰদেশে এখন সম্পূৰ্ণ পৃথক ৰাজ্যৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷ আনহাতে 1972 চনলৈ অৰুণাচল প্ৰদেশক নৰ্থ ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ এজেঞ্চি হিচাপে জনা গৈছিল ৷

আৰু পঢ়কঃইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়াৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.