ETV Bharat / bharat

অহা ২৩ জানুৱাৰীত আয়ুস্মান চিএপিএফ স্বাস্থ্যসেৱা আঁচনি উদ্বোধন কৰিব অমিত শ্বাহে

author img

By

Published : Jan 19, 2021, 5:45 PM IST

অহা ২৩ জানুৱাৰীত অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব আয়ুস্মান চিএপিএফ স্বাস্থ্যসেৱা আঁচনি । আয়ুস্মান স্বাস্থ্য কাৰ্ড প্ৰদান কৰিব চিএপিএফৰ জোৱান, বিষয়াসকলক ।

আয়ুস্মান চিএপিএফ স্বাস্থ্যসেৱা আঁচনি উন্মোচন কৰিব অমিত শ্বাহে

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চলিত সপ্তাহৰ শেষৰ ফালে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বিষয়াৰ বাবে আয়ুস্মান স্বাস্থ্যসেৱা আঁচনি উদ্বোধন কৰিব । এক সূত্ৰই প্ৰকাশ কৰা মতে, অসমত তেওঁ এই আঁচনি উদ্বোধন কৰিব । অহা ২৩ জানুৱাৰীত চি আৰ পি এফ, ভাৰত-তিব্বত সীমান্ত আৰক্ষী, সীমা সুৰক্ষা বল, সশস্ত্ৰ সীমা বল আৰু চি আই এছ এফৰ উপৰিও গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা এন এছ জি আৰু আছাম ৰাইফলছৰ মুৰব্বী, এগৰাকীকৈ বিষয়া আৰু এগৰাকীকৈ জোৱানক আয়ুস্মান স্বাস্থ্য কাৰ্ড প্ৰদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্বত, সীমা সুৰক্ষা আৰু বিশেষ ব্যক্তিৰ নিৰাপত্তাৰ দায়িত্বত দেশৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০ লাখ বিষয়া নিয়োজিত হৈ আছে । অহা ২৩ জানুৱাৰীত গুৱাহাটীত আয়ুস্মান চিএপিএফ স্বাস্থ্যসেৱা আঁচনি উদ্বোধন কৰাৰ সম্ভাৱনা আছে । লগতে হিতাধিকাৰীসকলৰ নাম ঘোষণা কৰাৰো আশা আছে । আনহাতে, ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা উদ্বোধন কৰিছিল ।

লগতে পঢ়ক:কৃষি আইনৰ ক্ষতিকাৰক দিশসমূহ দাঙি ধৰি পুস্তিকা উন্মোচন কৰিব ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.