নেশ্যনেল ডেক্স, 21 ফেব্ৰুৱাৰীঃ টি-20 মহিলা ক্ৰিকেট বিশ্বকাপৰ উইমেন-ইন-ব্লু টুৰ্ণামেণ্টৰ ভাৰতীয় মহিলা বেটছ্মেন শেফালী শৰ্মাৰ প্ৰথমখন খেলক লৈ মন্তব্য প্ৰকাশ ৷ ভাৰতীয় দলটোৰ অনুশীলন পূৰ্ণগতিত চলিছে বুলি মহিলা বেটছ্মেন গৰাকীয়ে জানিবলৈ দিয়ে ৷ 16 বছৰীয়া মহিলা বেটছ্মেন গৰাকীয়ে কয়, "টি-20 বিশ্বকাপক লৈ মই বহুত উৎসাহী ৷ আমাৰ দলটো ভাল অভিজ্ঞতাৰ দ্বাৰা সমৰ্থিত আৰু আমি এই প্ৰত্যাহ্বানৰ বাবে সাজু ৷"
![Shafali Verma feels India is well-prepared for T20 World Cup challenge](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6149363_photo.jpg)
আনহাতে, ভাৰতীয় মহিলা স্পীনাৰ ৰাজেশ্বৰী গায়কৱাড়ে এইবাৰৰ বিশ্বকাপত অনুশীলনৰ লগতে ফিটনেছৰ ওপৰতো অধিক গুৰুত্ব দিয়া বুলি মত প্ৰকাশ কৰে ৷ মধ্যম গতিৰ মহিলা বেটছ্মেন শিখা পাণ্ডে কয় যে, "যদি বিশ্বকাপত আমি ভাল প্ৰদৰ্শন কৰিব পাৰো, তেতিয়া ভাৰতীয় মহিলা ক্ৰিকেটৰ ওপৰত এক সকাৰাত্মক প্ৰভাৱ পৰিব বুলি মই ভাবো আৰু সঁচাকৈয়ে দলটো ইয়াৰ বাবে অধিক উৎকণ্ঠাৰে কাম কৰি আছে ৷" এই টুৰ্ণামেণ্টৰ পূৰ্বৰ 6টা সংস্কৰণত ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰাত বিফল হৈছে ৷ অৱশ্যে দুবছৰ আগতে দলটোৱে ছেমি ফাইনেল পাইছিল যদিও তৃতীয়বাৰ নকআউট পৰ্যায়ত ৰ'বলৈ সক্ষম হয় ৷
![Shafali Verma feels India is well-prepared for T20 World Cup challenge](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6149363_photo1.jpg)
"বিশ্বকাপৰ ট্ৰফিটো হাতত তুলি ল'বলৈ সদায়েই হেঁপাহ, কিন্তু সপোনক বাস্তৱ কৰাতো খুব সহজো নহয় ৷ বিগত 5 মাহৰ পৰা আমাৰ দলটোৱে বহু পৰিশ্ৰম কৰি আহিছে ৷ ভাল পুষ্টিৰ লগতে ফিটনেছ হৈছে আমাৰ অনুশীলনৰ মুখ্য অংগ ৷" এনেদৰে মহিলা দলটোৰ অলৰাউণ্ডাৰ হৰ্লিন দেউলে মন্তব্য প্ৰকাশ কৰে ৷
আৰু পঢ়ক : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কলিয়াভোমোৰাত পোহৰ যোগানৰ নিৰ্দেশ উপায়ুক্তৰ