ETV Bharat / bharat

উত্তৰ প্ৰদেশত পুনৰ নাবালিকা ধৰ্ষণ - 72 বছৰীয়া বৃদ্ধৰ লগতে বহুকেইজন লোকে শাৰীৰিক নিৰ্যাতন চলাই আহিছিল নাবালিকাগৰাকীক

উত্তৰ প্ৰদেশত পোহৰলৈ আহিছে ইটোৰ পাচত সিটো ধৰ্ষণৰ ঘটনা ৷ পুনৰ কাকোড়ত সংঘটিত হৈছে এগৰাকী 16 বছৰীয়া নাবালিকাৰ ধৰ্ষণ ৷

কাকোড়ত সংঘটিত নাবালিকা ধৰ্ষণৰ ঘটনা
উত্তৰ প্ৰদেশত পুনৰ নাবালিকা ধৰ্ষণ
author img

By

Published : Oct 3, 2020, 9:18 PM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : উত্তৰ প্ৰদেশত পোহৰলৈ আহিছে ইটোৰ পাচত সিটো ধৰ্ষণৰ ঘটনা ৷ পুনৰ কাকোড়ত সংঘটিত হৈছে এগৰাকী 16 বছৰীয়া নাবালিকাৰ ধৰ্ষণ ৷ উল্লেখ্য যে, নাবালিকাগৰাকী 4 মাহৰ অন্তঃসত্বা হোৱাৰ পাচতে পোহৰলৈ আহে এই ঘটনা ৷

পীড়িতাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, যোৱা ডেৰ বছৰ ধৰি তেওঁক এজন 72 বছৰীয়া বৃদ্ধৰ লগতে বহুকেইজন লোকে শাৰীৰিক নিৰ্যাতন চলাই আহিছিল ৷

তদন্তত প্ৰকাশ পোৱা অনুসৰি, এই সম্পৰ্কত কোনো লোকক অৱগত কৰিলে হত্যাৰ ভাবুকি দিয়া হৈছিল নাবালিকা গৰাকীক ৷

এই বিবৃতিৰ পাচতে আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে আৰু দুই লোকক আটক কৰিছে ৷

লগতে পঢ়ক : আজি হাথৰছ পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল, প্ৰিয়ংকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.