ইন্টাৰনেশ্যনেল ডেস্ক, 21 অক্টোবৰঃ বুধবাৰে কৰাচীৰ গুলছান-ই-ইকবাল এলেকাত সংঘটিত হোৱা এক বিস্ফোৰণত 3 জন ব্যক্তি নিহত হোৱাৰ লগতে এই ভয়ংকৰ বিস্ফোৰণটোত 15 জন লোক
গুৰুতৰভাৱে আহত হয় ৷ পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কৰাচী বিশ্ববিদ্যালয়ৰ সমীপৰ মাচকান গেটৰ কাষতে থকা এটা চাৰিমহলীয়া অট্টালিকাত সংঘটিত হয় এই বিস্ফোৰণ ৷
স্থানীয় সংবাদ মাধ্যমৰ পৰা প্ৰকাশিত বাতৰি অনুসৰি বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা নাই যদিও পাকিস্তান আৰক্ষীয়ে বিস্ফোৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ইতিমধ্যে বিস্ফোৰণ সন্দৰ্ভত ক্লু লাভ কৰিছে বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে,ভয়ংকৰ বিস্ফোৰণটোত চাৰি মহলীয়া অট্টালিকাটোৰ খিৰিকী সমূহ ভাঙি যোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় অট্টালিকাটোৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ সবিশেষ তথ্যৰ বাবে কিছু সময় অপেক্ষা কৰিব লাগিব ৷
লগতে চাওকঃ নগাঁও আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ, পিষ্টল