নেশ্যনেল ডেস্ক, 31 মাৰ্চ : দিল্লীৰ নিজামুদ্দিন অঞ্চলত 2000 লোকৰ উপস্থিতিত আয়োজন কৰা ধৰ্মীয় সমাৱেশৰ বহুকেইজন লোক কোভিড-19 ত আক্ৰান্ত হৈছে ৷ এই সমাৱেশৰ পৰা উভতি আহি তেলেংগানাত মৃত্যু হৈছে 6 জন লোক ৷ ইয়াৰোপৰি, জম্মু-কাশ্মীৰ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু আন্দামান নিকোবৰ দ্বীপৰ প্ৰায় বহুকেইজনমান লোক এই ৰোগত আক্ৰান্ত হৈছে ৷
তেলেংগানাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক টুইটাৰৰ জৰিয়তে কোৱা হয়, "নতুন দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ মাৰ্কাজত 13 মাৰ্চৰ পৰা 15 মাৰ্চলৈ অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচতে 6 জন লোক কোভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ দুজন লোক গান্ধী হাস্পতালত মৃত্যু হোৱাৰ বিপৰীতে এপল' হাস্পতাল, গ্ল'বেল হাস্পতাল, নিজামুদ্দিন আৰু গাডৱালত এজনকৈ লোকৰ মৃত্যু হৈছে ৷"
এই সমাৱেশত অংশগ্ৰহণকাৰী বহুলোক আক্ৰান্ত হোৱাৰ পাচতে প্ৰশাসনে অঞ্চলটো ছীল কৰি দিয়াৰ লগতে সেই স্থানত উপস্থিত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে ৷
এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৱাহৰলাল নেহৰু ষ্টেডিয়ামক এক বৃহৎ আছুতীয়া কক্ষলৈ ৰূপান্তৰ কৰা হৈছে ৷ এই অনুষ্ঠানৰ সমাপ্তিৰ পাচতো প্ৰায় 1,400 লোকে নিজামুদ্দিনৰ পশ্চিম অঞ্চলৰ তাবলিগ-এ-জামাতত বসবাস কৰি আহিছিল ৷
এই সমাৱেশত অংশগ্ৰহণ কৰি শ্ৰীনগৰৰো এজন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাৱটিছে ৷
সমাৱেশৰ সমাপ্তিৰ পাচতে নিজ নিজ ৰাজ্যত উপস্থিত হোৱা লোকসকলে আৰু বহুলোকৰ মাজত এই ৰোগৰ সংক্ৰমণ কৰিব বুলি আশংকা কৰা হৈছে ৷
-
Six people from Telangana who attended a religious congregation at Markaz in Nizamuddin area of New Delhi from 13-15 March succumbed after they contracted #Coronavirus. Two died in Gandhi Hospital while one each died in Apollo Hospital, Global Hospital, Nizamabad and Gadwal
— Telangana CMO (@TelanganaCMO) March 30, 2020 " class="align-text-top noRightClick twitterSection" data="
">Six people from Telangana who attended a religious congregation at Markaz in Nizamuddin area of New Delhi from 13-15 March succumbed after they contracted #Coronavirus. Two died in Gandhi Hospital while one each died in Apollo Hospital, Global Hospital, Nizamabad and Gadwal
— Telangana CMO (@TelanganaCMO) March 30, 2020Six people from Telangana who attended a religious congregation at Markaz in Nizamuddin area of New Delhi from 13-15 March succumbed after they contracted #Coronavirus. Two died in Gandhi Hospital while one each died in Apollo Hospital, Global Hospital, Nizamabad and Gadwal
— Telangana CMO (@TelanganaCMO) March 30, 2020
তথ্য অনুসৰি, এই সমাৱেশত জম্মু-কাশ্মীৰৰ পৰা বহুসংখ্যক লোকে অংশগ্ৰহণ কৰিছিল ৷ বৰ্তমানেও এইসকল লোকক চিনাক্ত কৰিবলৈ সক্ষম নোহোৱাৰ বাবে তেওঁলোক মুকলিকৈ বিচৰণ কৰি আছে ৷ সেয়েহে প্ৰশাসন আৰু আৰক্ষী বিভাগে এই লোকসকলক চিনাক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
এই সমাৱেশত অংশগ্ৰহণ কৰা আৰু অংশগ্ৰহণকাৰীৰ সংস্পৰ্শলৈ অহা জম্মু-কাশ্মীৰৰ লোকৰ প্ৰায় 50 পৃষ্ঠাৰ এখন তালিকা প্ৰস্তুত কৰি উলিওৱা হৈছে ৷
জিলা প্ৰশাসনেও এই ক্ষেত্ৰত কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰাৰ লগতে 1 মাৰ্চত কাশ্মীৰত প্ৰৱেশ কৰা লোক আৰু ভ্ৰমণ ইতিবৃত্ত গাপ দিয়াৰ চেষ্টা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশাসনে সতৰ্কিত কৰি দিছে ৷
আৰু পঢ়ক : বিধায়ক,চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ ঘোষণা তেলেংগানাৰ