নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ তেলেংগানাত ক্ৰমে হ্ৰাস পাবলৈ লৈছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা । শেহতীয়াকৈ ৰাজ্যখনত এই মহামাৰীত আক্ৰান্তৰ সংখ্যাই সুস্থিৰভাৱে হ্ৰাস পাবলৈ লৈছে বুলি ৰাজ্যখনৰ স্বাস্থ্য় বিভাগে প্ৰকাশ কৰিছিল । কিন্তু ইয়াৰ মাজতে বুধবাৰে ৰাজ্যখনত পুনৰ সাতগৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হয় ।
কোভিড-১৯ সন্দৰ্ভত ৰাজ্য়খনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে তেলেংগানাত ১,০১৬ গৰাকী লোক কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ৫৮২টা ঘটনা সক্ৰিয় হৈ আছে । বুধবাৰে কোনো লোক মৃত্যুমুখত পৰা নাই যদিও ৰাজ্যখনত এতিয়ালৈকে ২৫ গৰাকী লোক মৃত্যুমুখত পৰিছে ।
তেলেংগানা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে কোভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ৪০৯গৰাকীয়ে । ৰাজ্যখনৰ ৩৩খন জিলাৰ ভিতৰত ১১ খন জিলাত কোনো সক্ৰিয় কোভিড-১৯ ঘটনা পোহৰলৈ অহা নাই ।
লগতে পঢ়কঃ মাজুলীত আৱদ্ধ যাত্ৰীক উদ্ধাৰকাৰ্যত ব্ৰতী IWT জাহাজ