ETV Bharat / bharat

আইপিএছ সঞ্জীৱ ভাটক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে জামনগৰ আদালতে

author img

By

Published : Jun 20, 2019, 5:59 PM IST

গুজৰাটৰ জামনগৰ জিলাৰ জামযোধপুৰ তালুকাত আজিৰ পৰা ত্ৰিশ বছৰ পূৰ্বে 1989 চনত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ পিচতে আৰক্ষীয়ে আটক কৰিছিল এশৰো অধিক লোকক ৷ কিন্তু সেই সময়ত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল এগৰাকী লোকৰ, আৰু এই গোচৰত অভিযুক্ত হৈছিল তেতিয়াৰ জামনগৰ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সঞ্জীৱ ভাট ৷

আৰক্ষী বিষয়া সঞ্জীৱ ভাট

নিউজ ডেস্ক, 20 জুনঃ ত্ৰিশ বছৰ পূৰ্বে গুজৰাটত সংঘটিত হোৱা এক মৃত্যুৰ গোচৰৰ ঐতিহাসিক ৰায়দান জামনগৰ আদালতৰ ৷ 1989 চনত জিলাখনত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ পিচতে আৰক্ষীয়ে আটক কৰিছিল এশৰো অধিক লোকক ৷ কিন্তু বৰ্বৰ অত্যাচাৰৰ ফলত আৰক্ষীৰ জিম্মাতে মৃত্যু ঘটিছিল প্ৰভুদাস মাধৱজী বৈষ্ণানী নামৰ লোকজনৰ ৷ সেই সময়ত জামনগৰ জিলাৰ আৰক্ষী অধীক্ষক আছিল গুজৰাট কেডাৰৰ আই পি এছ বিষয়া সঞ্জীৱ ভাট ৷ ঘটনাৰ সৈতে বিষয়াগৰাকীৰ নাম সাঙোৰ খাই পৰাৰ লগতে 2011 চনত চাকৰিৰ পৰা নিলম্বন হোৱাৰ লগতে 2015 চনত পদবীৰ পৰা বৰ্খাস্ত হৈছিল ভাট ৷

উল্লেখ্য যে, 1989 চনত জামনগৰ জিলাৰ জামযোধপুৰ তালুকাত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত সঞ্জীৱ ভাটৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এশৰো অধিক লোকক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ ভিতৰত বহুকেইগৰাকী লোক আৰক্ষীৰ অত্যাচাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ আৰক্ষীৰ প্ৰহাৰত ৰমেশ মাধৱজী বৈষ্ণানী নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰভুদাস মাধৱজী বৈষ্ণানী নামৰ লোকজনৰ নবেম্বৰ মাহৰ 8 তাৰিখে গান্ধীদিয়া চিকিৎসালয়ত মৃত্যু ঘটিছিল ৷ ভাটৰ নিৰ্দেশত 1990 চনৰ 30 অক্টোৱৰত গুজৰাট আৰক্ষীয়ে টাডা আইনৰ অধীনত বৰ্বৰভাৱে হত্যা কৰিছিল 133গৰাকী লোকক ৷

আৰক্ষী বিষয়া সঞ্জীৱ ভাটক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত বৃহস্পতিবাৰে জামনগৰ সত্ৰ ন্যায়ালয়ে বিষয়াগৰাকীক উক্ত গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ৷ ঘটনাৰ সৈতে ভাটৰ লগতে প্ৰবীন সিং জালা আন এগৰাকী আৰক্ষী বিষয়াকো যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে ৷ আনহাতে পিএছআই শৈলেছ পাণ্ডেয়া, দীপক শ্বাহ, প্ৰবীন সিং জাডেজা, অনুপ সিং জেঠৱা আৰু কুসুম্বা জাডেজা নামৰ আৰক্ষীৰ লোককেইজনকো শাস্তি প্ৰদান কৰে আদালতে ৷

Intro:Body:

Session court sentences former IPS Sanjiv Bhatt to life imprisonment

Prabhudas Madhavji Vaishnani, Former IPS officer Sanjiv Bhatt, Jamjodhpur taluka communal riot, 1989 custodial death case, 

আইপিএছ সঞ্জীৱ ভাটক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে জামনগৰ আদালতে 

গুজৰাটৰ জামনগৰ জিলাৰ জামযোধপুৰ তালুকাত আজিৰ পৰা ত্ৰিশ বছৰ পূৰ্বে 1989 চনত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ পিচতে আৰক্ষীয়ে আটক কৰিছিল এশৰো অধিক লোকক ৷ কিন্তু সেই সময়ত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল এগৰাকী লোকৰ, আৰু এই গোচৰত অভিযুক্ত হৈছিল তেতিয়াৰ জামনগৰ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সঞ্জীৱ ভাট ৷

নিউজ ডেস্ক, 20 জুনঃ ত্ৰিশ বছৰ পূৰ্বে গুজৰাটত সংঘটিত হোৱা এক মৃত্যুৰ গোচৰৰ ঐতিহাসিক ৰায়দান জামনগৰ আদালতৰ ৷ 1989 চনত জিলাখনত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ পিচতে আৰক্ষীয়ে আটক কৰিছিল এশৰো অধিক লোকক ৷ কিন্তু বৰ্বৰ অত্যাচাৰৰ ফলত আৰক্ষীৰ জিম্মাতে মৃত্যু ঘটিছিল প্ৰভুদাস মাধৱজী বৈষ্ণানী নামৰ লোকজনৰ ৷ 

সেই সময়ত জামনগৰ জিলাৰ আৰক্ষী অধীক্ষক আছিল গুজৰাট কেডাৰৰ আই পি এছ বিষয়া সঞ্জীৱ ভাট ৷ ঘটনাৰ সৈতে বিষয়াগৰাকীৰ নাম সাঙোৰ খাই পৰাৰ লগতে 2011 চনত চাকৰিৰ পৰা নিলম্বন হোৱাৰ লগতে 2015 চনত পদবীৰ পৰা বৰ্খাস্ত হৈছিল ভাট ৷ 

উল্লেখ্য যে, 1989 চনত জামনগৰ জিলাৰ জামযোধপুৰ তালুকাত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত সঞ্জীৱ ভাটৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এশৰো অধিক লোকক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ ভিতৰত বহুকেইগৰাকী লোক আৰক্ষীৰ অত্যাচাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ আৰক্ষীৰ প্ৰহাৰত ৰমেশ মাধৱজী বৈষ্ণানী নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰভুদাস মাধৱজী বৈষ্ণানী নামৰ লোকজনৰ নবেম্বৰ মাহৰ 8 তাৰিখে গান্ধীদিয়া চিকিৎসালয়ত মৃত্যু ঘটিছিল ৷ ভাটৰ নিৰ্দেশত 1990 চনৰ 30 অক্টোৱৰত গুজৰাট আৰক্ষীয়ে টাডা আইনৰ অধীনত বৰ্বৰভাৱে হত্যা কৰিছিল 133গৰাকী লোকক ৷ 

অৱশেষত বৃহস্পতিবাৰে জামনগৰ সত্ৰ ন্যায়ালয়ে বিষয়াগৰাকীক উক্ত গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ৷ ঘটনাৰ সৈতে ভাটৰ লগতে প্ৰবীন সিং জালা আন এগৰাকী আৰক্ষী বিষয়াকো যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে ৷ আনহাতে পিএছআই শৈলেছ পাণ্ডেয়া, দীপক শ্বাহ, প্ৰবীন সিং জাডেজা, অনুপ সিং জেঠৱা আৰু কুসুম্বা জাডেজা নামৰ আৰক্ষীৰ লোককেইজনকো শাস্তি প্ৰদান কৰে আদালতে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.