ETV Bharat / bharat

সন্ত্ৰাসবাদী আক্ৰমণত নিহত কাশ্মীৰ বিজেপিৰ প্ৰাক্তন সভাপতি - আটক কৰিছে বাৰীৰ পৰিয়ালৰ নিৰাপত্তাত নিয়োজিত 10 জন নিৰাপত্তাৰক্ষীক

কাশ্মীৰ আৰক্ষীয়ে কৰ্মত গাফিলতি কৰা অভিযোগত আটক কৰিছে বাৰীৰ পৰিয়ালৰ নিৰাপত্তাত নিয়োজিত 10 জন নিৰাপত্তাৰক্ষীক ৷

Security personnel of slain BJP leader Wasim Bari to be detained for 'negligence'
সন্ত্ৰাসবাদী আক্ৰমণত নিহত কাশ্মীৰ বিজেপিৰ প্ৰাক্তন সভাপতি
author img

By

Published : Jul 9, 2020, 7:46 AM IST

শ্ৰীনগৰ, 9 জুলাই : কাশ্মীৰৰ বন্দিপুৰাৰ বিজেপিৰ প্ৰাক্তন সভাপতি ৱাছিম বাৰীৰ বুধবাৰে বিয়লি সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হয় ৷ ৱাছিম বাৰীৰ লগতে পিতৃ শ্বেখ ৱাছিম আহমেদ আৰু পুত্ৰৰো একেটা আক্ৰমণৰ ঘটনাত মৃত্যু হয় ৷

বান্দিপুৰ আৰক্ষী চকীৰ সন্মুখৰ বাৰীৰ পাৰিবাৰিক ব্যৱসায়িক প্ৰতিষ্ঠান তথা বাসগৃহৰ সন্মুখত এই সংঘটিত হয় ঘটনা ৷ সন্ত্ৰাসবাদীৰ এটা দলে নিশা প্ৰায় 8.45 বজাত বাৰীৰ পৰিয়াললৈ লক্ষ্য কৰি ধাৰাষাৰ গুলি বৰ্ষণ কৰে ৷ গুলিচালনাত বাৰীৰ লগতে পিতৃ শ্বেখ ৱাছিম আহমেদ আৰু পুত্ৰ আহত হয় ৷ তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত আটাইকেইজনৰ মৃত্যু হয় ৷

  • Over the telephone, PM @narendramodi enquired about the gruesome killing of Wasim Bari. He also extended condolences to the family of Wasim.

    — Dr Jitendra Singh (@DrJitendraSingh) July 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৱাচিম বাৰীৰ পৰিয়ালৰ নিৰাপত্তাৰ দায়িত্বত 10 জন নিৰাপত্তাৰক্ষীক কৰ্মত নিয়োজিত কৰা হৈছিল ৷ কিন্তু এই ঘটনা সংঘটিত হোৱাৰ সময়ত বাৰীৰ পৰিয়ালৰ লগত নাছিল কোনো নিৰাপত্তাৰক্ষী ৷ কাশ্মীৰ আৰক্ষীয়ে বৰ্তমান কৰ্মত গাফিলতি কৰা অভিযোগত আটাইকেইজন নিৰাপত্তাৰক্ষীক আটক কৰিছে ৷

ৱাছিম বাৰীৰ লগতে পিতৃ আৰু পুত্ৰ বিজেপিৰ ৰাজ্যিক কাৰ্যকৰী সমিতিৰ সদস্য আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰী পৰিয়ালৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে শোকসন্তৰ্প পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক : 3,992 গৰাকী ভাৰতীয়ক স্বদেশলৈ আনিলে ভাৰতীয় নৌসেনাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.