নিউজ ডেস্ক, ১১ জুনঃ জম্মু-কাশ্মীৰত লক ডাউনৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হৈছে ৬৮ জনকৈ সন্ত্ৰাসবাদীৰ। এই সন্ত্ৰাসবাদীকেইজনৰ ভিতৰত আছে কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীও। ১ এপ্ৰিলৰ পৰা ১০ জুনলৈকে লক ডাউন চলি থকা সময়ত সংঘটিত হোৱা কেইবাটাও এনকাউণ্টাৰত নিহত হৈছে সন্ত্ৰাসবাদী কেইজন।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি,চলিত বৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে হিজবুল মুজাহিদীন সন্ত্ৰাসবাদী সংগঠনৰ কেইবাগৰাকী সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীসকলৰ ভিতৰত ৩৫ গৰাকী স্থানীয় সন্ত্ৰাসবাদী।
উল্লেখ্য যে, ১০ জুনত জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যু হয় ১৬ জনকৈ সন্ত্ৰাসবাদীৰ। ইয়াৰে ১০ গৰাকী সন্ত্ৰাসবাদী বিদেশৰ। বৰ্তমানলৈকে মৃত সন্ত্ৰাসবাদীকেইজনৰ পৰিচয় লাভ কৰিব পৰা নাই বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে।
কোভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশত প্ৰথমবাৰৰ ২৩ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছিল লক ডাউন। তেতিয়াৰ পৰা ১০ জুনলৈকে বিগত তিনি মাহত জম্মু কাশ্মীৰত প্ৰায় ২৫ গৰাকী হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ গুলীত মৃত্যু হৈছে।
ইয়াৰোপৰি, জানুৱাৰী মাহৰ পৰা লস্কৰ-ই-তৈবা, জইচ-ই-মহম্মদ আদিকে ধৰি আন আন সন্ত্ৰাসবাদী সংগঠনৰ ১০০ জনৰ অধিক সন্ত্ৰাসবাদী নিহত হৈছে। বিশেষকৈ এপ্ৰিল মাহত ৰাজ্যখনত নিৰাপত্তাৰক্ষীয়ে বহুকেইবাৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান চলাইছিল।
সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ প্ৰথম ছয়টা মাহত হিজবুল মুজাহিদ্দীনৰ ৩৫ জন, জইচ-ই-মহম্মদ গোটৰ ৪ জন আন্তঃৰাষ্ট্ৰীয় আৰু ১০ জন স্থানীয় সন্ত্ৰাসবাদী,লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সংগঠনৰ ১৬ জন স্থানীয় আৰু ৩ জন আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই বাহিৰ কৰে।
লগতে পঢ়কঃ মৰাণত কোৱাৰেণ্টাইনৰ পৰা অব্যাহতি দিয়া লোকৰ দেহত COVID-19