ETV Bharat / bharat

ধৰ্ম নিৰপেক্ষতাই সবাতোকৈ ওপৰত

ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ পাছত ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাক লৈ বহুল আলোচনা আৰম্ভ হয় । ভুৱা ধৰ্ম নিৰপেক্ষতা শব্দটো ৰাজনীতিত অধিক চৰ্চিত হৈ পৰে ।

ধৰ্ম নিৰপেক্ষতাই সবাতোকৈ ওপৰত
ধৰ্ম নিৰপেক্ষ ভাৰত
author img

By

Published : Nov 27, 2019, 10:24 AM IST

অতি স্পৰ্শকাতৰ অযোধ্যা গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পাছত দেশত ধৰ্ম নিৰপেক্ষতাবাদ শক্তিশালী হৈ পৰিবনে ? অবিশ্বাস আৰু ভুল বুজাবুজিৰে পূৰ্ণ তিনি দশকৰ ইতিহাস অতীত হৈ পৰিবনে ? অনাগত দিনত ৰাজনৈতিক দল আৰু সংগঠনসমূহে ধৰ্মীয় স্থানকলৈ যুগে যুগে চলি অহা সংঘাতত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব জানো ?

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছত দুয়োপক্ষৰ ফালৰ পৰা কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ নকৰাৰ পাছত এই প্ৰশ্নসমূহ জনসাধাৰণৰ মনত উদয় হৈছে ।

উচ্চতম ন্যায়ালয়ে ১১০০ পৃষ্ঠাজোৰা ৰায়ত ধৰ্ম নিৰপেক্ষতা সম্পৰ্কে বহু কথাই উল্লেখ কৰিছে । ভৱিষ্যতে যাতে ধৰ্মীয় স্থানকলৈ কোনোধৰণৰ বিবাদ নহয় তাৰ বাবে ন্যায়ালয়ে বহু প্ৰশ্নৰ স্পষ্ট উত্তৰ প্ৰদান কৰিছে । অন্য ধৰ্মৰ বেদখল বা মধ্য যুগত সংঘটিত কোনো অন্যায়ৰ গইনা লৈ হিংসাত্মক কাৰ্য সংঘটিত কৰাটো এই ৰায়ৰ জৰিয়তে বেআইনী ঘোষণা কৰা হৈছে ।

উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ ধ্বংসৰ ঘটনাক বেআইনী হিচাপে গ্ৰহণ কৰাৰ লগতে সাময়িক পৰিকল্পনা বুলি মানি লোৱাত অগ্ৰাহ্য কৰে । গোচৰসমূহ ন্যায়ালয়ত চলি থকাৰ সময়তে ৪৫০ বছৰ পূৰ্বে নিৰ্মিত উপাসনাস্থলীৰ পৰা উচ্ছেদ কৰাটো বলপূৰ্বক বুলি ন্যায়ালয়ে গণ্য কৰে । সকলোকে সমতাৰে ন্যায় দিয়াৰ বাবে দায়বদ্ধ ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ এখন দেশত এনেধৰণৰ কাণ্ড গ্ৰহণযোগ্য নহয় বুলি ৰায়দানত উল্লেখ কৰা হৈছে । যাৰ ফলত ৰায়দানত ন্যায়ালয়ে কৈছে যে, এক বিকল্প ভূমি প্ৰদান নকৰালৈকে ন্যায় প্ৰদান কৰা বুলি ধৰিব নোৱাৰি ।

দেশত এনেসংখ্যক কিছুলোক আছে যিসকলে ধৰ্ম নিৰপেক্ষতাবাদৰ ধাৰণাৰ পশ্চিমৰ পৰা আমদানি কৰা বুলি কৈ অৱজ্ঞা কৰিব খোজে । ১৯২০ চনৰ পৰাই এনেধৰণৰ অস্বাভাৱিক বিতৰ্ক চলি আহিছে যে যিসকলে নিজৰ দেশক কৰ্মস্থলী বা উপাসনাস্থলী হিচাপে ভাবিব নোৱাৰে তেওঁলোকে দেশৰ বাহিৰলৈ দৃষ্টি নিক্ষেপ কৰে আৰু তেনেধৰণৰ লোক ৰাষ্ট্ৰীয় সংস্কৃতিৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে ।

বিগত তিনি দশকত এই ধাৰণা অধিক শক্তিশালী হৈ উঠিছে । কিছুমানে ভাবে যে, সংবিধান অনুসৰি জীয়াই থকাটোৱেই যথেষ্ট নহয় । শতিকা প্ৰাচীন সংস্কৃতিৰ দ্বাৰা অনুপ্ৰাণিত নহ'লেও ৰাষ্ট্ৰীয়তাবাদ স্থাপন কৰিব নোৱাৰে বুলি ভবা বুদ্ধিজীৱীৰো অভাৱ নাই ।

ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ পাছত ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাক লৈ বহুল আলোচনা আৰম্ভ হয় । ভুৱা ধৰ্ম নিৰপেক্ষতা শব্দটো ৰাজনীতিত অধিক চৰ্চিত হৈ পৰে ।

ৰায়দানৰ বহু স্থানত উচ্চতম ন্যায়ালয়ে এটা কথা স্পষ্ট কৰি দিছে যে, ১৫০০ বছৰীয়া বিবাদিত ভূমিৰ সিদ্ধান্তক বিশ্বাস আৰু আস্থাই অকল নিৰূপণ কৰিব নোৱাৰে । ন্যায়ালয়ে উল্লেখ কৰা মতে ৰায়দানটো ধৰ্ম নিৰপেক্ষতা, সম ন্যায় আৰু উপযুক্ত সাক্ষ্য প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত । মন্দিৰ-মছজিদৰ সংঘাতে কেৱল দেশখনক ৰাজনৈতিকভাৱেই জোকাৰি যোৱা নাই, বৰঞ্চ ধৰ্ম নিৰপেক্ষতাৰ উঠা-নমাতো ভূমিকা গ্ৰহণ কৰিছে ।

এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই উচ্চতম ন্যায়ালয়ে ধৰ্ম নিৰপেক্ষতা সন্দৰ্ভত এক গভীৰ বিশ্লেষণ আগবঢ়াইছে । ন্যায়ালয়ে ধৰ্ম নিৰপেক্ষতাক ব্যক্তিগত পছন্দ বা আদৰ্শৰ দৃষ্টিকোণেৰে নাচায় । ৰায়ত কোৱা হৈছে যে, ধৰ্মীয় সহিষ্ণুতাই হৈছে ধৰ্ম নিৰপেক্ষতাৰ অনুপ্ৰেৰণা আৰু সাংবিধানিক ব্যৱস্থাৰ অংশ । লগতে ধৰ্ম নিৰপেক্ষতাক সংবিধানৰ ভংগ কৰিব নোৱৰা অংশ বুলিও আখ্যা দিছে উচ্চতম ন্যায়ালয়ে । ন্যায়পালিকা, চৰকাৰ আৰু নাগৰিকে ধৰ্ম নিৰপেক্ষতাৰ নীতি মানি চলিব লাগিব বুলি স্পষ্ট কৰি দিছে ।

বোমানি গোচৰৰ সময়ত ৯ জনীয়া ন্যায়াধীশৰ দ্বাৰা গঠিত বিচাৰপীঠৰ ন্যায়াধীশ জীৱন ৰেড্ডীয়ে ধৰ্ম নিৰপেক্ষতা সন্দৰ্ভত স্পষ্ট ব্যাখ্যা আগবঢ়াইছে । ধৰ্মীয় সংঘাতৰ সময়ত এক নিৰপেক্ষ অৱস্থানকে ধৰ্ম নিৰপেক্ষতা কোৱা নহয় বুলি তেওঁ উল্লেখ কৰিছিল । অযোধ্যা ৰায়দানৰ সময়ত জীৱন ৰেড্ডীৰ এই উক্তিক স্মৰণ কৰি উচ্চতম ন্যায়ালয়ে কৈছিল যে ধৰ্ম নিৰপেক্ষতাই আমি উপনীত হ’বলগীয়া সৰ্বোচ্চ লক্ষ্য আৰু ই ভাৰতীয় সংবিধানৰ অবিচ্ছেদ্য অংগ ।

ভৱিষ্যতে ধৰ্মীয় উপাসনাস্থলীক লৈ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে কেইবাবাৰো উপাসনাস্থলী আইন ১৯৯১ ৰ বিষয়ে উল্লেখ কৰিছে । ১৯৪৭ চনৰ ১৫ আগষ্টত অস্তিত্ব থকা কোনো উপাসনাস্থলীকে পৰিৱৰ্তন কৰাত বাধা আৰোপ কৰিবলৈ এই আইন প্ৰৱৰ্তন কৰা হৈছিল । যদি কোনোবাই তেওঁলোকৰ উপাসনাস্থলীত আন ধৰ্মৰ লোকে বেদখল কৰিছে বুলি কৈ শাস্তি বিচাৰে তেওঁলোকক এই আইনৰ অধীনত শাস্তিৰ যোগ্য ।

এই আইনে উপাসনাস্থলী পৰিৱৰ্তন কৰিব পৰা কোনো গোচৰ গ্ৰহণ কৰাত বাধা দিয়ে । অযোধ্যা গোচৰক মাথো এই আইনৰ পৰা ৰেহাই দিয়া হৈছিল । উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে, এই আইনখন ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰিবলৈ প্ৰণয়ন কৰা হৈছিল আৰু কোনেও সেয়া ভংগ কৰিব নোৱাৰে । সংখ্যালঘু বা সংখ্যাগুৰু যাৰেই হওঁক, আস্থা-বিশ্বাসে কোনো এক ভূমিখণ্ডৰ মালিকীস্বত্ব নিৰ্ধাৰণ কৰিব নোৱাৰে ।

সকলো আইন আৰু নিৰ্দেশনা মানিহে এক শুদ্ধ সিদ্ধান্তত উপনীত হোৱা বুলি উচ্চতম ন্যায়ালয়ে জনাইছে । মুছলমান পক্ষৰ অধিবক্তাৰ লগতে বহু বুদ্ধিজীৱীয়ে আস্থা আৰু বিশ্বাসৰ ভিত্তিত ৰায় প্ৰদান নকৰিবলৈ অনুৰোধ জনাইছিল । এই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখিয়েই আদালতে য’তেই সম্ভৱ হৈছে তাতেই ইয়াৰ ৰায়ৰ ভিত্তি ব্যাখ্যা কৰিছে ।

আদালতে বাবৰি মছজিদৰ ঐতিহ্যক অস্বীকাৰ কৰা নাই । ইয়াৰ লগতে মছজিদ চৌহদত ১৯৪৯ চনৰ ডিচেম্বৰত হিন্দু দেৱতা স্থাপনৰ কথাও নস্যাৎ কৰা নাই । ১৯৪৯ চনৰ ১৬ ডিচেম্বৰলৈকে মুছলমানসকলে তাত প্ৰাৰ্থনা কৰা কথাটো ন্যায়ালয়ে মানি লৈছে । হিন্দু দেৱতা স্থাপন কৰাৰ পাছত তাত মুছলমানসকলৰ প্ৰাৰ্থনা বন্ধ হৈ পৰে বুলিও ন্যায়ালয়ে উল্লেখ কৰিছে । কিন্তু অঞ্চলটো ১৮৫৭ চনৰ পূৰ্বে তেওঁলোকৰ নিয়ন্ত্ৰণত আছিল বুলি মুছলমান পক্ষই প্ৰমাণ কৰিব পৰা নাছিল । সেই সময়ত মূল চৌহদত তিনিটা স্তম্ভ আছিল ।

১৮৫৬ চনত অৱধ ৰাজ্য ব্ৰিটিছ শাসনৰ অধীনত আহিছিল । উচ্চতম ন্যায়ালয়ৰ মতে, ১৮৫৭ চনৰ পূৰ্বে সেই স্থানত হিন্দুসকলে প্ৰাৰ্থনা কৰাৰ প্ৰমাণ আছে । হিন্দু-মুছলমানৰ সংঘাত নিৰ্মূলৰ উদ্দেশ্যে ব্ৰিটিছে ১৫০০ ৱাৰ্ডৰ ভূমিখণ্ডৰ মাজত এক দেৱাল নিৰ্মাণ কৰি দিছিল । তেতিয়াও হিন্দুসকলে সমগ্ৰ ভূখণ্ডক ৰাম জন্মভূমি বুলি গ্ৰহণ কৰিবলৈ এৰা নাছিল । আন এটা অংশত তেওঁলোকে প্ৰাৰ্থনা অব্যাহত ৰাখিছিল । মূল গাঁথনিটো মন্দিৰ আছিল বুলি হিন্দুসকলে ভাবিবলৈ ত্যাগ কৰা নাছিল আৰু কেইবাবাৰো তাত প্ৰৱেশৰ চেষ্টা চলাইছিল ।

হিন্দুসকলৰ দাবীত ১৮৭৭ চনত আন এটা অংশত দ্বিতীয়খন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হয় । ৰাম নৱমী বা কাৰ্তিকা পূৰ্ণিমা আদিত যথেষ্ট সংখ্যক ভক্ত এই স্থানলৈ আহিবলৈ লয় । মুছলমান আৰু হিন্দু পক্ষৰ সাক্ষীসকলে এই তথ্যৰ নিশ্চয়তা প্ৰদান কৰিছে । বিদেশী পৰ্যটকসকলেও তেওঁলোকৰ তথ্যত এই বিষয়ে উল্লেখ কৰিছে ।

দ্বাদশ শতিকাত সেই স্থানত মছজিদৰ তলত হিন্দু কাৰুকাৰ্য থকাৰ তথ্য ভাৰতীয় প্ৰত্নতাত্বিক সমীক্ষা বা আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ্ ইণ্ডিয়াই উন্মোচন কৰিছে । প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এই হিন্দু ভগ্নাৱশেষৰ ওপৰতে মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছিল ।

এ এছ আইৰ প্ৰতিবেদনত প্ৰকাশ পোৱা কিছু গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে । প্ৰতিবেদনত কোৱা হৈছে যে, তলৰ ভাগত হিন্দু স্থাপত্য আছিল যদিও কিয় মন্দিৰ ধ্বংস কৰা হৈছিল তাৰ সবিশেষ তথ্য দিয়া নাই । মছজিদ নিৰ্মাণৰ অৰ্থে মন্দিৰটো ধ্বংস কৰা হৈছিল নেকি? সেই তথ্যৰ উত্তৰ এই প্ৰতিবেদনে দিয়া নাই । মছজিদৰ তলত থকা ভগ্নাৱশেষসমূহ আছিল দ্বাদশ শতিকাৰ । মছজিদ নিৰ্মাণ কৰা হৈছিল ষষ্ঠদশ শতিকাত । গতিকে দুয়োটা ঘটনাৰ মাজত চাৰি শতিকাৰ ব্যৱধান আছে ।

এই চাৰিশ শতিকাত সংঘটিত হোৱা ঘটনাৰ কোনো তথ্য এ এছ আইৰ প্ৰতিবেদনত দিয়া হোৱা নাই । হিন্দুত্বৰ স্বাক্ষৰ থকা গাঁথনিসমূহ মছজিদত ব্যৱহৃত হৈছিল নে নাই সেয়াও প্ৰতিবেদনত স্পষ্ট নহয় । প্ৰতিবেদনত কোৱা হৈছে যে, মছজিদ নিৰ্মাণত ক’লা শিলৰ স্তম্ভ ব্যৱহাৰ কৰা হৈছিল । কিন্তু সেয়া পূৰ্বৰ হিন্দু মন্দিৰৰ আছিল নে নাই সেয়া স্পষ্ট কৰা নাই ।

আনহাতে, উচ্চতম ন্যায়ালয়ে ১৮৫৭ চনৰ পূ্ৰ্বে হিন্দুসকলে পূজা-অৰ্চনা কৰাৰ প্ৰমাণ গ্ৰহণ কৰাৰ লগতে সেই স্থান ৰাম জন্মভূমি বুলি প্ৰমাণ কৰিব পৰা আন কেতবোৰ তথ্যপাতিৰ ভিতৰত ৰায়দান দিয়ে । ইপিনে, মুছলমানসকলৰ অনুভূতিত যাতে আঘাত নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ লগত হোৱা অন্যায়ৰ কথাও আদালতে উল্লেখ কৰে । মছজিদ ধ্বংস সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যই ইয়াৰ উপযুক্ত প্ৰমাণ ।

উচ্চতম ন্যায়ালয়ে আশা কৰাৰ দৰে যদি চৰকাৰে ধৰ্ম নিৰপেক্ষতা নীতি মানি চলে আৰু ১৯৯১ চনৰ আইন অনুসৰি ধৰ্মীয় উপাসনাস্থলীসমূহক সুৰক্ষা প্ৰদান কৰে তেন্তে অনাগত দিনত গণতন্ত্ৰ মজবুত হৈ থকাটো নিশ্চিত । লগতে বিগত তিনি দশকতকৈ অধিক কালৰ ঘৃণাৰ ভাৱ নোহোৱা হৈ যাব ।

আৰু পঢ়ক : ভাৰতীয় সংবিধান সভাৰ প্ৰথমগৰাকী অন্তৱৰ্তীকালীন অধ্যক্ষৰ কাহিনী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.