ETV Bharat / bharat

দিলীপ ছাবড়িয়াৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ কাষ চাপিল কপিল শৰ্মা - নেচনেল কোম্পানী লা ট্ৰিবিউনেল

কমেডিয়ান কপিল শর্মাক ভেনেটী ভান প্ৰদান কৰাৰ নামত 5.70 কোটি টকা আদায় কৰিও ভেনেটীখন প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ডিচি ডিজাইন্সৰ বিৰুদ্ধে ৷ যাৰ বাবে বৃহস্পতিবাৰে কাৰ ডিজাইনাৰ দিলীপ ছাবড়িয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ মুম্বাই আৰক্ষীৰ কাষ চাপে কপিল শৰ্মা ৷

Second FIR against Dilip Chhabria for cheating comedian Kapil Sharma
দিলীপ ছাবড়িয়াৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ কাষ চাপিল কপিল শৰ্মা
author img

By

Published : Jan 8, 2021, 7:56 PM IST

নি্​উজ ডেস্ক, 8 জানুৱাৰী : অভিনেতা তথা দেশৰ জনপ্ৰিয় কমেডিয়ান কপিল শর্মাই তেওঁৰ পৰা 5.70 কোটি টকা আদায় কৰি তেওঁৰ ভেনীটি ভান প্ৰদান নকৰাৰ অভিযোগত কাৰ ডিজাইনাৰ দিলীপ ছাবড়িয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ বৃহস্পতিবাৰে মুম্বাই অপৰাধ শাখাৰ অপৰাধী চোৰাংচোৱা ইউনিট (চিআইইউ)ৰ ওচৰত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে কপিল শৰ্মাৰ ভাষ্য সংগ্ৰহ কৰিছে ৷

2018 চনত যেতিয়া ভেট নতুনকৈ জিএচটিলৈ ৰূপান্তৰ হ‘ল,তেতিয়াই ডিচি ডিডাইন্সে অতিৰিক্ত 40 লাখ টকা দাবী কৰে ৷ যি ধনৰাশি কপিল শৰ্মাই ডিচি ডিজাইন্সক আদায়ো কৰিছিল ৷

কিন্ত তাৰ পাছতো ডিচি ডিজাইন্সে কপিল শৰ্মাক তেওঁৰ ভেনেটী ভান প্ৰদান নকৰে ৷ ইয়াৰ পাছতে কপিল শৰ্মাই নেচনেল কোম্পানী লা ট্ৰিবিউনেল (NCLT) ৰ সৈতে যোগাযোগ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ যাৰ পাছত এন.চি.এল.টি.য়ে ডিচি ডিজাইন্সৰ সকলো একাউন্ট জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

এন.চি.এল.টি.ৰ আদেশৰ পাছতে ডিচি ডিজাইন্সে কপিল শৰ্মাক আৰু 60 লাখ টকা অতিৰিক্ত বিচাৰে যাতে ভেনেটী ভানখন তেওঁলোকে শৰ্মাক প্ৰদান কৰিব পাৰে ৷ কিন্তু তেওঁলোকৰ এই কথাত অতিৰিক্ত ধন আদায় কৰিবলৈ অমান্তি হয় কমেডিয়ান কপিল শৰ্মা ৷

পুনৰ বাৰ ধন বিচৰাৰ পাছতেই কপিল শৰ্মা ঘটনাটো লৈ কাষ চাপে মুম্বাই আৰক্ষীৰ ৷ কপিল শৰ্মাই দিলীপ ছাবড়িয়া আৰু ডিচি ডিজাইন্সৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷

লগতে পঢ়ক: হেপী বাৰ্থডে ইৰফান : পিতৃ-মাতৃক প্ৰযুক্তিগতভাৱে দুৰ্বল আখ্যা পুত্ৰ বাবিলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.