নেছনেল ডেস্ক,4 নৱেম্বৰঃ তিছ হাজাৰী কৰ্টত কিছুদিন পূৰ্বে অধিবক্তা আৰু আৰক্ষীৰ মাজত সংঘটিত হতাহতিৰ ঘটনাৰ পিছত সোমবাৰে কড়কড়ডুমা আদালতৰ সন্মুখত আন এক সংঘৰ্ষজনিত ঘটনাৰ সূত্ৰপাত ঘটে ৷ আদালতৰ চৌহদত দুজনকৈ আৰক্ষী কৰ্মীৰ সৈতে হতাহতিত লিপ্ত হয় আদালতখনৰ একাংশ অধিবক্তা ৷
জানিব পৰা মতে পুৱাৰে পৰা অধিবক্তাসকলে আদালতখনৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অন্যান্য অধিবক্তা তথা আৰক্ষী কৰ্মীসকলক আদালতৰ ভিতৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল ৷
কিন্তু সেইসময়তে এজন আৰক্ষী কৰ্মীয়ে এক গোচৰৰ শুনানিৰ বাবে সাক্ষ্য প্ৰদানৰ বাবে উপস্থিত হোৱাত অধিবক্তাৰ দলটোৱে বাধা প্ৰদান কৰে ৷ ইয়াৰ পাছত আৰক্ষীৰ লোকজনৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ পৰে দলটো ৷ অধিবক্তাৰ দলটো উত্তেজিত হৈ আৰক্ষী কৰ্মীজনক প্ৰহাৰ কৰাও পৰিলক্ষিত হয় ৷
আৰু পঢ়ক দিল্লীৰ তিচ হাজাৰী কৰ্ট চৌহদত আৰক্ষী আৰু অধিবক্তাৰ মাজত হতাহতি