নিউজ ডেস্ক, 12 মাৰ্চ: জ্যোতিৰাদিত্যৰ সিন্ধিয়াৰ বিজেপিত যোগদান কৰাৰ পাচতেই বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ ৰাহুল গান্ধীৰ ৷ সিন্ধিয়াই নিজৰ বিচাৰধাৰা তথা নীতি আদৰ্শ পাহৰিছে বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে ৷ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত হৈয়ে তেওঁ বিজেপিলৈ গমন কৰিছে যদিও তাত তেওঁক সন্মান কৰা নহ'ব বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে ৷
সিন্ধিয়াই কংগ্ৰেছৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্বন্ধ নিশেষ কৰি বিজেপিলৈ ঢাপলি মেলিছে যদিও তেওঁ যি মন্তব্য কৰিছে সেইবোৰ আৰু তেওঁৰ অন্তৰত কি আছে সেই সমূহৰ মাজত যথেষ্ট প্ৰভেদ আছে বুলি উল্লেখ কৰে ৷ সদনৰ বাহিৰত সংবাদকৰ্মী সকলৰ আগত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে ৷
কংগ্ৰেছ ত্যাগ কৰাৰ এদিনৰ পাচতেই বুধবাৰে বিজেপিত যোগদান কৰি পূৰ্ব কংগ্ৰেছ দল আগৰ দৰে হৈ থকা নাই ৷ কংগ্ৰেছত বৰ্তমানে নতুন চিন্তাধাৰা, নতুন নেতৃত্বক গুৰুত্ব দিয়া নহয় বুলি উল্লেখ কৰিছিল সিন্ধিয়াই ৷ বিজেপিত যোৱাৰ পাচতেই মধ্যপ্ৰদেশৰ বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে জ্যোতিৰাদিত্যৰ সিন্ধিয়াক ৷