ETV Bharat / bharat

বিদ্যালয় শেষ হলেও, আমাৰ শিকাৰ প্ৰক্ৰিয়া যুগ যুগ ধৰি চলি থাকে-প্ৰধানমন্ত্ৰী

এখন সমাজত লেখক সকল এজন শিক্ষকৰ দৰে । তেওঁলোক সমাজৰ বাবে এত উজ্জল স্ফটিক । বিদ্যালয়ত শিক্ষা সাং কৰাৰ পিচতো আমাৰ শিক্ষা প্ৰক্ৰিয়া যুগ যুগ ধৰি চলি থাকে, এইক্ষেত্ৰত লেখক সকলে প্ৰধান ভূমিকা পালন কৰিব লাগিব । ইফালে এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি জয়পুৰৰ আইকনিক গেট জৱাহৰাল নেহেৰু মাৰ্গৰ পত্ৰিকা গ্ৰুপ অৱ নিউজ পেপাৰৰ দ্বাৰা নিৰ্মাণ কৰিছে ।

বিদ্যালয় শেষ হলেও, আমাৰ শিকাৰ প্ৰক্ৰিয়া যুগ যুগ ধৰি চলি থাকে-প্ৰধানমন্ত্ৰী
বিদ্যালয় শেষ হলেও, আমাৰ শিকাৰ প্ৰক্ৰিয়া যুগ যুগ ধৰি চলি থাকে-প্ৰধানমন্ত্ৰী
author img

By

Published : Sep 8, 2020, 7:58 PM IST

নতুন দিল্লী, ৮ চেপ্তেম্বৰঃ আমাৰ বিদ্যালয় শেষ হলেও, আমাৰ শিকাৰ প্ৰক্ৰিয়া যুগ যুগ ধৰি চলি থাকে, যিটো প্ৰতিদিনে অব্যাহত থাকে । আৰু আমাৰ লেখক সকলে এইক্ষেত্ৰত আমাক জ্ঞানৰ ভৰাল চহকী কৰাত প্ৰধান ভূমিকা গ্ৰহণ কৰে, এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি এক ভিডিঅ কনফাৰেন্সিংৰ যোগেদি জয়পুৰৰ পেট্ৰিকা গেটৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰি এইদৰে মন্তব্য কৰে ।

এখন সমাজত লেখক সকল এজন শিক্ষকৰ দৰে । তেওঁলোক সমাজৰ বাবে এক উজ্জল স্ফটিক । বিদ্যালয়ত শিক্ষা সাং কৰাৰ পিচতো আমাৰ শিক্ষা প্ৰক্ৰিয়া যুগ যুগ ধৰি চলি থাকে, এইক্ষেত্ৰত লেখক সকলে প্ৰধান ভূমিকা পালন কৰিব লাগিব । ইফালে এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি জয়পুৰৰ আইকনিক গেট জৱাহৰাল নেহেৰু মাৰ্গৰ পত্ৰিকা গ্ৰুপ অৱ নিউজ পেপাৰৰ দ্বাৰা নিৰ্মাণ কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে পত্ৰিকা গ্ৰ্ৰ্ৰুপ অফ নিউজপেপাৰ গোষ্ঠীৰ চেয়াৰমেনে লিখা দুখন গ্ৰন্থও উন্মোচন কৰে । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যপাল কালৰাজ মিশ্ৰ, আৰু পত্ৰিকা গ্ৰুপৰ চেয়াৰমেন গুলাব কোঠাৰিও উপস্থিত আছিল এই অনুষ্ঠানত ।

অনুষ্ঠানত অংশ লৈ প্ৰধান মন্ত্ৰীয়ে কয় যে,আমাৰ দেশত লিখা মেলা কৰা, বা সাহিত্য চৰ্চা কৰাটো ভাৰতীয় লোকসকলৰ বাবে জাতীয় জীৱনৰ অংশস্বৰূপ বুলি ক'ব পাৰি । স্বাধীনতা সংগ্ৰামৰ সময়ত জড়িত প্ৰতিজন বিখ্যাত ব্যক্তিৰ নাম লিখা পঢ়াৰ লগত জড়িত আছিল । আমাৰ মহান সাধু সকল, বিজ্ঞানীসকলো আছিল একো একোজন ভাল লেখক, এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

শ্ৰী কৰ্পুৰ চন্দ্ৰ কুলিশ জীয়ে ভাৰতবৰ্ষত আলোচনীৰ প্ৰকাশ কৰিছিল প্ৰথম আৰু তাৰপিচতে ভাৰত বৰ্ষত আৰম্ভ হৈছিল আলোচনীৰ পৰম্পৰা । আমি সকলোৱে তেখেতৰ সাংবাদিকতা জীৱনৰ বিষয়ে স্মৰণ কৰা উচিত । কলিশ জীয়ে যিদৰে আলোচনীৰ জৰিয়তে বেদ উপনিষদৰ জ্ঞান সমাজৰ মাজক বিলাই দিয়াৰ প্ৰচেষ্টা হাতত লৈছিল, সেয়া সঁচাকৈ আশ্বৰ্যজনক, এইদৰে কয় প্ৰধান মন্ত্ৰীয়ে ।

তেওঁ আৰু কয় যে, মই আশা কৰিম সংবাদ উপনিষদ আৰু অক্ষৰ যাত্ৰা নামৰ গ্ৰন্থখনে ভাৰতীয় চিন্তা চেতনাৰ যোগসূত্ৰ সমূহ প্ৰতিজন লোকৰ কাষলৈ নিব পাৰিব । টুইটাৰ আৰু কিতাপৰ যুগত আমাৰ নতুন প্ৰজন্মই জ্ঞান অন্বেষণৰ পৰা আঁতৰি নোযোৱাতো গুৰুত্বপূৰ্ণ কথা ।

আখৰ সমূহ, আমাৰ ভাষা, আমাৰ প্ৰকাশৰ প্ৰথম মাধ্যম । সংস্কৃত ভাষাত আখৰৰ অৰ্থ হ'ল যি সৰ্বদা স্থিৰে থাকে, যি চিন্তাৰ শক্তি । প্ৰধান মন্ত্ৰীয়ে কয় যে, হাজাৰ হাজাৰ বছৰৰ আগতে আমাৰ বিজ্ঞানীসকলে কৈ যোৱা বা দি যোৱা তত্বসমূহ আজিও চলি আছে আৰু সেই তত্বৰে পৃথিৱী আগবাঢ়ি গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.