ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ অবমাননাৰ গোচৰ - উচ্চতম ন্যায়ালয়

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা অবমাননাৰ গোচৰ ৷ ৰাহুল গান্ধীক এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ ৷

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ অবমাননাৰ গোচৰ
author img

By

Published : Nov 14, 2019, 6:44 PM IST

Updated : Nov 14, 2019, 6:52 PM IST

নিউজ ডেস্ক, 14 নৱেম্বৰঃ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা অৱমাননাৰ গোচৰ ৷ প্ৰধানমন্ত্ৰীক মোদীক উদ্দেশ্যে কৰি 'চৌকিদাৰ চৌৰ হে' বুলি দিয়া উপলুঙা সূচক মন্তব্যৰ বাবে বিজেপি নেত্ৰী মিনাক্ষী লেখীয়ে ন্যায়ালয়ত আদালতত অৱমাননাৰ গোচৰ তৰিছিল ৷ অৱেশ্যে পৰৱৰ্তী সময়ছোৱাত ইয়াৰ বাবে ক্ষমা বিচাৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ তিনিজনীয়া বিচাৰপীঠে গোচৰটো খাৰিজ কৰি কয় যে,ৰাহুল গান্ধীয়ে দিয়া উপলুঙা সূচক মন্তব্য সত্যৰ পৰা বহু নিলগত ৷ তেওঁ এনেদৰে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিব লাগে ৷ এয়া দুৰ্ভাগ্যজনক বিষয় যে,ৰাহুল গান্ধীয়ে কোনো ধৰণৰ সত্যতা অবিহনে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য প্ৰদান কৰিছে ৷

লগতে পঢকঃ ৰাফেল চুক্তি কেলেংকাৰীৰ পুনৰ বিচাৰ আবেদনক খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ইপিনে,সৰ্বোচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীয়ে বিনাচৰ্তে ক্ষমা বিচাৰি দাখিল কৰা হলফনামা সন্দৰ্ভত ন্যায়ালয়ে কয় যে,দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধী এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি ৷ গতিকে কোনোধৰণৰ ৰাজনৈতিক বিষয়ত ন্যায়ালয়ক সাঙুৰি লোৱাটো উচিত নহয়,লাগিলে সেয়া উচিত হওক অথবা অনুচিত ৷ তিনিজনীয়া বিচাৰপীঠে কয় যে,আমি ৰাহুল গান্ধীৰ হলফনামাৰ ওপৰত ভিত্তি কৰি তেখেতৰ বিৰুদ্ধে ৰুজু কৰা অৱমাননাৰ গোচৰটো খাৰিজ কৰা হ'ল ৷

উল্লেখ্য যে,লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে চৌকিদাৰ চৌৰ হে' বুলি উপলুঙা সূচক মন্তব্য প্ৰদান কৰিছিল ৰাহুল গান্ধীয়ে ৷ ইয়াৰ পাচতেই বিজেপি নেত্ৰী মীনাক্ষী লেখীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰজু কৰিছিল ৷

Sc verdict on contempt plea against rahul gandhi

নিউজ ডেস্ক, 14 নৱেম্বৰঃ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা অবমাননাৰ গোচৰ ৷ প্ৰধানমন্ত্ৰীক মোদীক উদ্দেশ্যে কৰি  ' চৌকিদাৰ চোৰ হে' বুলি দিয়া উপলুঙা সূচক মন্তব্যৰ বাবে বিজেপি নেত্ৰী মিনাক্ষী লেখীয়ে ন্যায়ালয়ৰ অবমাননাৰ গোচৰ তৰিছিল ৷ অৱেশ্যে পৰৱৰ্তী সময়ছোৱাত ইয়াৰ বাবে ক্ষমাও বিচাৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ তিনিজনীয়া বিচাৰপীঠে গোচৰটো খাৰিজ কৰি কয় যে, ৰাহুল গান্ধীয়ে দিয়া উপলুঙা সূচক মন্তব্য সত্যৰ পৰা বহু নিলগত ৷ তেওঁ এনেদৰে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিব লাগে ৷ এয়া দুৰ্ভাগ্যপূৰ্ণ বিষয় যে, কোনো ধৰণৰ সত্যতা অবিহনে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য প্ৰদান কৰিছে ৷

ইপিনে, সৰ্বোচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীয়ে বিনাচৰ্তে ক্ষমা বিচাৰি দাখিল কৰা হলফনামা সন্দৰ্ভত ন্যায়ালয়ে কয় যে , দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধী এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি ৷ গতিকে কোনোধৰণৰ ৰাজনৈতিক বিষয়ত ন্যায়ালয়ক সাঙুৰ খুৱাই লোৱাটো উচিত নহয় লাগিলে সেয়া উচিত হওক অথবা অনুচিত ৷ তিনিজনীয়া বিচাৰপীঠে কয় যে, আমি ৰাহুল গান্ধীৰ হলফনামাৰ ওপৰত ভিত্তি কৰি তেখেতৰ বিৰুদ্ধে ৰুজু কৰা অবমাননাৰ গোচৰটো ইয়াতেই বন্ধ কৰা  হ'ল ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে চৌকিদাৰ চোৰ হে' বুলি দিয়া উপলুঙা সূচক মন্তব্য প্ৰদান কৰিছিল ৰাহুল গান্ধীয়ে ৷ ইয়াৰ পাচতেই বিজেপি নেত্ৰী মীনাক্ষী লেখীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অবমাননাৰ গোচৰ ৰজু কৰে ৷ 
Last Updated : Nov 14, 2019, 6:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.