ETV Bharat / bharat

প্ৰতিবাদস্থলীৰ পৰা কৃষকক আঁতৰোৱাৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে - জনোৱা আবেদনৰ শুনানি

প্ৰতিবাদী কৃষকক দিল্লীৰ প্ৰতিবাদস্থলীৰ পৰা আঁতৰ কৰোৱাৰ বাবে অনুমতি বিচাৰি জনোৱা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । চৰকাৰী কৰ্তৃপক্ষই জনোৱা আবেদনত উল্লেখ কৰা হৈছে যে, কৃষকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে যাত্ৰীসকলে হাৰাশাস্তি ভূগিবলগীয়া হৈছে আৰু অধিক লোকৰ সমাগম হোৱা ঠাইত COVID-১৯ৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ।

প্ৰতিবাদস্থলীৰ পৰা কৃষকক আঁতৰোৱাক বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

author img

By

Published : Dec 17, 2020, 4:19 PM IST

নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ: সমগ্ৰ ভাৰতৰ কৃষক ইউনিয়ন, চৰকাৰ আৰু ষ্টকহ'ল্ডাৰৰ প্ৰতিনিধিসকলক একগোট কৰি এখন কমিটী গঠন কৰাৰ কথা অৱতাৰণা কৰাৰ এদিনৰ পিছত উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে দিল্লীৰ প্ৰতিবাদস্থলীৰ পৰা কৃষকক আঁতৰ কৰোৱাৰ বাবে অনুমতি বিচাৰি জনোৱা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব । কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনি খনকৈ কৃষি আইনৰ বিৰোধিতাৰে দিল্লী সীমান্তৰ কেইবাটাও অঞ্চলত কৃষকে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

কৃষকসকলক প্ৰতিবাদস্থলীৰ পৰা আঁতৰ কৰিবলৈ অনুমতি বিচাৰি বিভাগীয় কৰ্তৃপক্ষই ন্যায়ালয়ত আবেদন জনাইছিল । উচ্চতম ন্যায়ালয়ে বুধবাৰে এনে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ৮টা কৃষক ইউনিয়নক কাৰ্যকৰী কৰাৰ অনুমতি দিয়ে । ভাৰতীয় কৃষক ইউনিয়ন, ভাৰতীয় কৃষক ইউনিয়ন ছিধুপুৰ, ৰাজেৱাল, লাখোৱাল, ডাকাউণ্ডা, ডোৱাবা, জামহোৰী কিষাণ সভা আৰু কুল হিন্দ ফেডাৰেছনক কাৰ্যকৰীকৰণৰ অনুমতি দিয়া হৈছে ।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে, কৃষকৰ সমস্যা অতি সোনকালে 'ৰাষ্ট্ৰীয় সমস্যা' হৈ পৰিব আৰু লগতে কৃষকৰ সমস্যা সমাধানৰ বাবে কৃষক, চৰকাৰী পক্ষ আৰু ষ্টকহ'ল্ডাৰৰ প্ৰতিনিধিসকলক একগোট কৰি এখন কমিটী গঠন কৰিব বিচাৰে বুলিও কয় । মুখ্য ন্যায়াধীশ এছ এ বোবড়ে আৰু ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুভ্ৰমণিয়ামৰ বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰিছে ।

শুনানি গ্ৰহণৰ সময়ত বিচাৰপীঠে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে, চৰকাৰে কৃষকৰ সৈতে কৰাৰ বৈঠক ফলপ্ৰসু হোৱা নাই আৰু পুনৰ এই বৈঠক অসফল হ'ব । উল্লেখ্য যে, কৃষকসকলে তিনি খনকৈ কৃষি আইনৰ বিৰোধিতা কৰি যোৱা ২৬ নৱেম্বৰৰ পৰা বিদ্ৰোহ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ত্ৰিপুৰা আৰক্ষীয়ে নষ্ট কৰিলে ১০ লক্ষাধিক টকাৰ গাঞ্জা খেতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.