ETV Bharat / bharat

নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jan 20, 2020, 4:42 PM IST

সোমবাৰে নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ দোষী পৱন কুমাৰ গুপ্তাৰ অপৰাধ সংঘটিত কৰাৰ সময়ত কিশোৰ হোৱাৰ দাবীক নাকচ কৰে উচ্চতম ন্যায়ালয়ে ৷ তিনিজনীয়া ন্যায়াধীশৰ দল এটাই গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

SC to hear Nirbhaya convict's plea over juvenility claim
নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ কিশোৰ হোৱাৰ দাবীক নাকচ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ড তথা হত্যাকাণ্ডৰ দোষীৰ এজন অন্যতম অপৰাধী পৱন কুমাৰ গুপ্তাৰ কিশোৰ হোৱাৰ দাবীক নাকচ কৰে উচ্চতম ন্যায়ালয়ে ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই ক্ষমাদানৰ আবেদনক নাকচ কৰে ৷

ন্যায়াধীশ আৰ. বানুমতি, অশোক বুশান আৰু এ.এচ বোপান্নাই নিজৰ স্থিতিত অটল থাকি দোষী পৱন কুমাৰ গুপ্তাৰ কিশোৰ হোৱাৰ দাবীৰ আবেদনৰ সম্পৰ্কত শুনানি গ্ৰহণ কৰি সেই আবেদন নাকচ কৰে ৷

উল্লেখ্য যে, দিল্লীৰ এটা ন্যায়ালয়ে যোৱা শুকুৰবাৰে নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্ত বিনয় শৰ্মা(26), মুকেশ কুমাৰ (32), অক্ষয় কুমাৰ সিংহ (31) আৰু পৱন (25) ৰ বিৰুদ্ধে অহা 1 ফেব্ৰুৱাৰীত মৃত্যুদণ্ড প্ৰদান কৰাৰ ৰায়দান কৰিছিল ৷ ইয়াৰোপৰি এই ধৰ্ষণ কাণ্ডৰ এক অন্যতম অভিযুক্ত মুকেশ কুমাৰৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাকচ কৰিছিল ৷

আনহাতে অধিবক্তা এ.পি সিংহৰ মাধ্যমেৰে পৱনে 16 ডিচেম্বৰ 2012 চনত অৰ্থাৎ অপৰাধৰ সময়ত নিজে কিশোৰ অৱস্থাত থকা বুলি দাবী কৰিছিল ৷ সেই আবেদনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ে ক্ষমা আবেদন নাকচ কৰে ৷

আৰু পঢ়কঃভাৰতত চাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ

Intro:Body:

https://twitter.com/ANI/status/1219055864306233344

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.