ETV Bharat / bharat

সুৰক্ষিত UPI লেন-দেন সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Oct 16, 2020, 2:29 PM IST

সুৰক্ষিত UPI লেন-দেন সন্দৰ্ভত কেন্দ্ৰ, ফেচবুক আৰু গুগলৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে । ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সাংসদ বিনয় বিশ্বমে UPIৰ জৰিয়তে কৰা লেন-দেনৰ সময়ত তথ্যৰ সুৰক্ষা বিচাৰি জনোৱা আবেদনৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে । ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব পালনৰ পৰিৱৰ্তে নেশ্যনেল পেমেণ্ট কৰ্পৰেছন অৱ ইণ্ডিয়াৰ সৈতে মিলি ভাৰতীয় নাগৰিকক বিপদত পেলোৱাৰ যো-জা কৰিছে বুলি অভিযোগ কৰা হৈছে আবেদনখনত ।

লেন-দেন সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে সুৰক্ষিত UPI লেন-দেন সন্দৰ্ভত কেন্দ্ৰ, ফেচবুক আৰু গুগলক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ নিৰ্দেশ দিয়ে । UPIৰ জৰিয়তে কৰা লেন-দেনৰ সময়ত গ্ৰাহকৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সাংসদ বিনয় বিশ্বমে । আবেদনখনত উল্লেখ কৰা হৈছে যে, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু নেশ্যনেল পে'মেণ্ট ক'ৰ্প'ৰেছন অৱ ইণ্ডিয়াই দায়িত্ব পালন কৰাত হেমাহি কৰিছে ।

বিদেশী সংস্থাক ভাৰতত পে'মেণ্ট চাৰ্ভিছ চলাবলৈ অনুমতি দি ভাৰতীয় গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনাত অৰিহণা যোগাইছে । মুখ্য ন্যায়াধীশ এছ এ ব'বডেৰ বিচাৰপীঠে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি জাননী জাৰি কৰিছিল । ফেচবুকৰ তৰফৰ পৰা অধিবক্তা মুকুল ৰ'হতগীয়ে কয় যে, হোৱাটছএপৰ পে'মেণ্ট চাৰ্ভিছৰ সন্দৰ্ভত আগৰে পৰা বহু আবেদন কৰা হৈছে শীৰ্ষ আদালতত । হোৱাটছএপে গ্ৰাহকৰ প্ৰয়োজনীয়তা সম্বন্ধে তথ্য সংগ্ৰহ নকৰাকৈ পে'মেণ্ট চাৰ্ভিছ আৰম্ভ নকৰে বুলি পূৰ্বেই উচ্চতম ন্যায়ালয়ত জনাইছে বুলি প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তা কপিল শ্বিবালে ।

কিন্তু উচ্চতম ন্যায়ালয়ে কয় যে, বিনয় বিশ্বমে দাখিল কৰা আবেদনত ব্যক্ত কৰা সমস্যাবোৰ পৃথক । বিশ্বমৰ অধিবক্তা শ্যাম দীৱানে বিচাৰপীঠৰ সন্মুখত প্ৰকাশ কৰে যে, ৰিজাৰ্ভ বেংকে ২০১৮ চনৰ এপ্ৰিল মাহত নিৰ্দেশ জাৰি কৰি বিদেশী সংস্থাসমূহক কৈছিল যে, তেওঁলোকে তথ্যৰ লেন-দেন সুৰক্ষিত কৰিবলৈ ভাৰতৰ এক চাৰ্ভাৰৰ ভিতৰত সুৰক্ষিত । দীৱানে কয় যে ২০১৮ চনৰ অক্টোবৰ মাহৰ ভিতৰত এই নিৰ্দেশ পালনৰ কথা আছিল যদিও সেয়া হৈ নুঠিল । ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু নেশ্যনেল পে'মেণ্ট ক'ৰ্প'ৰেছন অৱ ইণ্ডিয়াই এমাজন, গুগল, ফেচবুক আৰু হোৱাটছএপক UPI লেন-দেনৰ অনুমতি দিয়ে । বিশ্বমৰ আবেদনত ইয়াকো কোৱা হৈছে যে, ভাৰতত হোৱাটছএপ পে' সম্পূৰ্ণ ৰূপত সঞ্চালিত কৰিবলৈ হোৱাটছএপক এতিয়াও অনুমতি দিয়া হোৱা নাই ।

লগতে পঢ়ক: হায়দৰাবাদত আবতৰীয়া বানত জনজীৱন ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.