নিউজ ডেস্ক, 5 নৱেম্বৰঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাকাণ্ডই প্ৰায় 18 বছৰ অতিক্ৰম কৰিলে ৷ কিন্তু এইপৰ্যন্ত কিমান দূৰ আগবাঢ়িল ৰাজীৱ গান্ধীৰ হত্যাৰ আঁৰৰ ষড়যন্ত্ৰৰ অনুসন্ধান ৷ সেই সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইক ৷
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ এল নাগেশ্বৰ ৰাও আৰু বিচাৰপীঠ হেমন্ত গুপ্তাই আগন্তুক চাৰি সপ্তাহৰ ভিতৰত চিবিআইক ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ শেহতীয়া স্থিতিৱস্থা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে ৷ লগতে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডত কিদৰে বিদেশী ব্যক্তি জড়িত আছিল সেই সন্দৰ্ভতো এক প্ৰতিবেদন দাখিল কৰিব লাগিব চিবিআইয়ে ৷
উল্লেখ্য যে, চিবিআইৰ তত্বাবধানত এম ডি এমে চলাই গৈছে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ অনুসন্ধান ৷ এম ডি এমৰ অনুসন্ধানকাৰী দলত আই বি, ৰ'ৰ কেইবাগৰাকীও বিষয়া আছে ৷ সৰ্বোচ্চ আদালতে ৰাজীৱ গান্ধী হত্যাকাণ্ডত এজি পেৰাবিলনৰ শুনানি গ্ৰহণ কৰি আছে ৷ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল এজি পেৰাবিলনক ৷ হত্যাকাণ্ডৰ গোচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা পেৰাবিলনে মন্তব্য কৰে যে, ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অনুসন্ধান প্ৰক্ৰিয়াত যথেষ্ট ক্ৰুটি ৰৈ গৈছে ৷ দুটা ন ভল্টৰ বেটাৰীৰ যোগান ধৰাৰ বাবেই পেৰাবিলনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷
1991 চনৰ 21 মে'ত তাৰিখে তামিল নাডুত এখন জনসভাত হত্যা কৰা হৈছিল ৰাজীৱ গান্ধীক ৷