নেশ্যনেল ডেস্ক,২৭আগষ্টঃ উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে বিজয় মালিয়াৰ বিৰুদ্ধে ৰুজু হোৱা ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা গোচৰৰ ৰায়দান প্ৰক্ৰিয়া । ন্যায়ালয়ৰ নিৰ্দেশক উলংঘন কৰি ৪০লাখ মাৰ্কিন ডলাৰ নিজৰ সন্তানৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰিছিল । ২০১৭ চনত ৰুজু হোৱা ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা গোচৰত দোষী সাব্যস্ত হৈছিল মালিয়া । গোচৰৰ ৰায়দানৰ সন্দৰ্ভত পুনৰ বিবেচনাৰ বাবে মালিয়াই আবেদন জনাইছিল।
বৃহস্পতিবাৰে মালিয়াৰ আবেদনৰ ৰায়দান প্ৰক্ৰিয়া স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ য়ু য়ু ললিত আৰু অশোক ভূষণৰ বিচাৰপীঠে ৰায়দান প্ৰক্ৰিয়া স্থগিত ৰাখিছে । বিজয় মালিয়াৰ গোচৰ সম্বন্ধীয় সমীক্ষা বিগত ৩ বছৰে সংশ্লিষ্ট ন্যায়ালয়ৰ তালিকাভুক্ত হোৱা নাছিল । ন্যায়াধীশ য়ু য়ু ললিত আৰু অশোক ভূষণৰ বিচাৰপীঠে এই সমীক্ষাৰে ৩ বছৰ ধৰি জড়িত থকা বিষয়াৰ নামসহ সম্পূৰ্ণ বিৱৰণ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । উল্লেখ্য যে, ২০১৭ চনৰ ৯মে'ত সমীক্ষাৰ বাবে আবেদন জনাইছিল পলাতক ব্যৱসায়ী মালিয়াই । সম্প্ৰতি ব্ৰিটইনত আছে ৯০০০ হাজাৰ কোটি টকাৰ ঋণ লৈ অন্তৰ্ধান হোৱা বিজয় মালিয়া ।