ETV Bharat / bharat

বিদ্যালয়ৰ মাচুল ৰেহাইৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ - SC

ব্যক্তিগত বিদ্যালয়ৰ মাহেকীয়া মাচুল ৰেহাইৰ বাবে জনোৱা আবেদন শুকুৰবাৰে মহামান্য উচ্চতম ন্যায়ালয়ে নাকচ কৰে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ বিচাৰপীঠত এই সমস্যা প্ৰতিখন ৰাজ্যৰ বাবে বেলেগ-বেলেগ, গতিকে এই বিষয়ত উচ্চ ন্যায়ালয়ত আবেদন কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে ৷ যিহেতু প্ৰতিখন ৰাজ্যৰ সমস্যা ভিন্ন ধৰণৰ গতিকে সমগ্ৰ দেশৰ বাবে এক শুনানি সম্ভৱ নহয় ।

sc-refuses-to-entertain-plea-of-school-fees-hike
বিদ্যালয়ৰ মাচুল বৃদ্ধিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Jul 10, 2020, 5:01 PM IST

Updated : Jul 10, 2020, 5:32 PM IST

নিউজ ডেস্ক,১০ জুলাই: লক ডাউনৰ সময়ত বিভিন্ন ৰাজ্যৰ অভিভাৱকসকলে ব্যক্তিগত বিদ্যালয়ৰ মাহেকীয়া মাচুল ৰেহাইৰ বাবে জনোৱা আবেদন শুকুৰবাৰে মহামান্য উচ্চতম ন্যায়ালয়ে নাকচ কৰে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ বিচাৰপীঠত এই সমস্যা প্ৰতিখন ৰাজ্যৰ বাবে বেলেগ-বেলেগ, গতিকে এই বিষয়ত উচ্চ ন্যায়ালয়ত আবেদন কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে ৷ যিহেতু প্ৰতিখন ৰাজ্যৰ সমস্যা ভিন্ন ধৰণৰ গতিকে সমগ্ৰ দেশৰ বাবে এক শুনানি সম্ভৱ নহয় ।

আনহাতে,অধিবক্তা বালাজী শ্ৰীনিবাসন আৰু ময়ৰ্ক শ্ৰীসাগৰে এই বিষয়ত জনাই যে,ইতিমধ্যে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে বিদ্যালয়সমূহৰ মাচুল আদায়ৰ বিষয়ত অনুমতি প্ৰদান কৰিছে । সেয়ে অভিভাৱকসকলক দুয়োখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ক বিষয়টো পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাব পাৰে বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে ৷ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত উল্লেখ কৰা হৈছিল যে,ব্যক্তিগত বিদ্যালয়সমূহত আৰম্ভ হোৱা অনলাইন ক্লাছৰ ব্যয়ৰ ওপৰত ভিত্তি কৰি মাহেকীয়া মাচুল আদায় নলবলৈ অনুৰোধ জনাইছিল অভিভাৱকসকলে ৷

লগতে পঢ়ক: জম্মু কাশ্মীৰৰ শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত আৰম্ভ প্লাজমা থেৰাপি

Last Updated : Jul 10, 2020, 5:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.