ETV Bharat / bharat

আদালত অৱমাননাৰ অপৰাধত ১ টকা জৰিমনা বিহিলে প্ৰশান্ত ভূষণক - জৰিমনা

অপৰাধ:আদালত অৱমাননা। ১টকা জৰিমনা ভৰিব লাগিব জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে। ১৫ আগষ্টৰ ভিতৰত জৰিমনা নিদিলে ৩মাহৰ কাৰাবাসৰ লগতে ৩বছৰলৈ ওকালতি কৰাত বাধা। জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ।

আদালত অৱমাননাৰ অপৰাধত ১টকা জৰিমনা বিহিলে প্ৰশান্ত ভূষণক

author img

By

Published : Aug 31, 2020, 7:20 PM IST

নেশ্যনেল ডেস্ক,৩১আগষ্ট: ভাৰতৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বাবড়ে আৰু উচ্চতম ন্যায়ালয়ৰ অৱমাননা কৰি অপমানজনক টুইট কৰি দোষী সাব্যস্ত হোৱা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ১টকা জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ উপদেশ হিচাপে কয় যে, 'বাক স্বাধীনতাত বাধা দিব পৰা নাযায়।' জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে এটকাৰ মুদ্ৰা এটাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি মত প্ৰকাশ কৰিছে যে ন্যায়ালয়ৰ আদেশ সন্মানসহকাৰে গ্ৰহণ কৰি তেওঁ জৰিমনা দিবলৈ প্ৰস্তুত।

তেওঁ কয় যে, 'সৰ্বোচ্চ ন্যায়ালয় দুৰ্বল আৰু পীড়িতৰ বাবে আশাৰ অন্তিম দুৱাৰ বুলি মই ইমানদিনে বিশ্বাস কৰিছিলোঁ।' লগতে তেওঁ ন্যায়পালিকাৰ সন্মানত আঘাত হনাৰ উদ্দেশ্যেৰে কেতিয়াও একো মন্তব্য কৰা নাই আৰু তেওঁ মাত্ৰ অভিলেখৰ পৰা বিচলনৰ ওপৰতহে নিজৰ দুখ প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীৰ পৰা বিনাচৰ্তে ক্ষমা বিচাৰিছিল। ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ বি আৰ গবই আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীয়ে যোৱা ২৫আগষ্টত ক্ষমা খোজাৰ বাবে পুনৰ সুযোগ দিছিল। কিন্তু প্ৰশান্ত ভূষণে নিজৰ স্থিতিত অটল থকা বাবে বিচাৰপীঠে ৰায়দান স্থগিত ৰাখে।

আদালত অৱমাননাৰ অপৰাধত ১টকা জৰিমনা বিহিলে প্ৰশান্ত ভূষণক
আদালত অৱমাননাৰ অপৰাধত ১টকা জৰিমনা বিহিলে প্ৰশান্ত ভূষণক

অৱশেষত সোমবাৰে ন্যায়ালয়ৰ অৱমাননাৰ গোচৰত অধিবক্তাগৰাকীক ১টকা জৰিমনা বিহে। অহা ১৫আগষ্টৰ ভিতৰত জৰিমনা আদায় নিদিলে ৩মাহৰ কাৰাবাসৰ লগতে ৩বছৰলৈ ওকালতি কৰাত বাধা প্ৰদান কৰিব বুলি ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, আদালতে স্পষ্ট ৰূপত প্ৰশান্ত ভূষণৰ ভাষ্য উল্লেখ কৰি কয় যে তেওঁ সামাজিক মাধ্যমত মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বাবড়ে আৰু আদালতক লৈ কৰাৰ অপমানসূচক মন্তব্যৰ বাবে সুযোগ লাভ কৰাৰ পিছতো ক্ষমা নুখুজিলে।

আনহাতে প্ৰশান্ত ভূষণৰ মতে তেওঁ যদি ক্ষমা খোজে তেন্তে বিবেক আৰু আদালতক অৱমানন কৰা হ'ব। ভূষণে ইয়াকো কৈছিল যে, গণতন্ত্ৰ আৰু ইয়াৰ মূল্য ৰক্ষাৰ মুকলি আলোচনাৰ প্ৰয়োজন আছে। এই প্ৰসংগত উচ্চতম ন্যায়ালয়ে কয় যে, বাক স্বাধীনতা গুৰুত্বপূৰ্ণ। কিন্তু নিজৰ মত প্ৰকাশৰ সময়ত আনৰ সন্মানৰ প্ৰতিও চিন্তা কৰা উচিত।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.