ETV Bharat / bharat

ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল হোৱা আৱেদন খাৰিজ উচ্চতম ন্য়ায়ালয়ৰ - ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল হোৱা আৱেদন খাৰিজ উচ্চতম ন্য়ায়ালয়ৰ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল কৰা আবেদন ৷ 2018 চনত অৰ্থাৎ ৰঞ্জন গগৈ উচ্চতম ন্যায়ালৰ ন্যায়ধীশৰূপে কৰ্মৰত সময়ত ক্ষমতাৰ অপ-প্ৰয়োগ তথা শুনানিত ভুল সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন কৰে আবেদনকাৰীয়ে ৷

ৰঞ্জন গগৈ
ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল হোৱা আৱেদন খাৰিজ উচ্চতম ন্য়ায়ালয়ৰ
author img

By

Published : Aug 21, 2020, 3:14 PM IST

নিউজ ডেস্ক, 21 আগষ্টঃ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ ৷ উচ্চতম ন্যায়ালৰ ন্যায়ধীশৰ পদত থকা সময়ত তেখেতৰ ক্ষমতাৰ অপ-প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰে আবেদন ৷ দুই বছৰ পূৰ্বে তথা 2018 চনত দাখিল কৰা হৈছিল এই আবেদন ৷ তেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশৰূপে কৰ্মৰত আছিল ৰঞ্জন গগৈ ৷ এটা ঘটনাৰ শুনানিত ভুল সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিয়েই আবেদন দাখিল কৰে ৰঞ্জন গগৈৰ বিৰুদ্ধে ৷

ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ লোৱা বুলি প্ৰকাশ কৰিয়ে শুকুৰবাৰে আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷ লগতে ন্যায়ালয়ে কয় যে, বিগত 1 বছৰ ধৰি এই আবেদনৰ শুনানিৰ বাবে আবেদনকাৰীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে ৷ কিন্তু এতিয়া গগৈ অৱসৰ গ্ৰহণ কৰাৰ পাচত ঘটনাৰ শুনানিৰ বাবে গুৰুত্ব প্ৰদান কৰে ৷

লগতে পঢ়কঃ চলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.