ETV Bharat / bharat

নাগৰিকৰ চাল-চলন নিয়ন্ত্ৰণ সম্পৰ্কত নিৰ্দেশনা জাৰি কৰিবলৈ জনোৱা আবেদন নাকচ ন্যায়ালয়ৰ

author img

By

Published : Apr 15, 2020, 7:35 PM IST

উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে নাগৰিকৰ অবাধ চাল-চলন নিয়ন্ত্ৰণ আৰু লক ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে ওলাই যোৱা লোকৰ ওপৰত লাঠিচালনা বন্ধ কৰিবৰ বাবে কেন্দ্ৰক নিৰ্দেশনা জাৰি কৰিবলৈ দাখিল কৰা আবেদন ৷ এন. ভি. ৰামানা, এছ. কে. কৌল আৰু বি. আৰ. গাভাইৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে এই আবেদন নাকচ কৰে ৷

নাকচ কৰিলে আবেদন
উচ্চতম ন্যায়ালয়

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : নাগৰিকৰ অবাধ চাল-চলন নিয়ন্ত্ৰণ আৰু লক ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে ওলাই যোৱা লোকৰ ওপৰত লাঠিচালনা বন্ধ কৰিবৰ বাবে কেন্দ্ৰক নিৰ্দেশনা জাৰি কৰিবলৈ দাখিল কৰা আবেদন বুধবাৰে নাকচ কৰিছে উচ্চতম ন্য়ায়ালয়ে ৷

এন. ভি. ৰামানা, এছ. কে. কৌল আৰু বি. আৰ. গাভাইৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে এই আবেদনৰ কোনো যুক্তি বিচাৰি নোপোৱা বাবে নাকচ কৰা বুলি মন্তব্য কৰে ৷ এই আবেদনখনে দাবী কৰিছিল যে,নিৰ্দেশনাত থকা ক্ৰুটিৰ বাবে প্ৰশাসন আৰু আৰক্ষীয়ে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব জনা নাই ৷

বিচাৰক মণ্ডলীয়ে কয়,"এই আবেদনত আমি কোনো যুক্তি দেখি পোৱা নাই,সেয়েহে নাকচ কৰিছো ৷"

গুৱাহাটীস্থিত এগৰাকী অধিবক্তাই জাৰি কৰা এই আবেদনত তেওঁ উল্লেখ কৰিছিল যে,মানুহৰ ভিৰ নিয়ন্ত্ৰণ আৰু অবাধ চাল-চলন বন্ধ কৰিবৰ বাবে নিৰ্দেশনাৰ প্ৰয়োজন আছে ৷ আবেদনখনত উল্লেখ থকা অনুসৰি,লক ডাউন ঘোষণা কৰাৰ পাচৰ পৰা লক ডাউন অমান্য কৰাৰ বাবে বহু লোকক নিৰ্দয়ভাৱে মাৰপিট কৰাৰ বহু ভিডিঅ' চ'ছিয়েল মিডিয়াত প্ৰকাশ পাইছে ৷ ইয়াৰ ফলত এনে লোকক পথত বাগৰিবলৈ বাধ্য কৰোৱাৰ লগতে নিৰ্দয়ভাৱে লাঠিচালনা কৰা হৈছে ৷

ইয়াৰ ফলত সাধাৰণ লোকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় আৰু আপাতকালীন চিকিৎসাৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ যাবলৈ চিন্তিত হৈ পৰিছে বুলিও উল্লেখ কৰিছিল অধিবক্তা গৰাকীয়ে ৷

লগতে চাওকঃ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই বিতৰণ কৰিলে মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.