ETV Bharat / bharat

বিজয় মালিয়াৰ পুনৰ বিচাৰ আবেদন 20 আগষ্টলৈ স্থগিত

author img

By

Published : Aug 6, 2020, 1:05 PM IST

মালিয়াই ন্যায়ালয়ৰ আদেশ উলংঘন কৰি নিজৰ সন্তানক 40 লাখ ডলাৰ অৰ্থাৎ প্ৰায় 280 কোটি টকা হস্তান্তৰ কৰিছিল, যিটো সন্দৰ্ভত শীৰ্ষ আদালতে মালিয়াক এই সন্দৰ্ভত আদালতৰ অৱমাননা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল ৷

sc-adjourns-review-plea-of-vijay-mallya-challenging-contempt
বিজয় মালিয়াৰ পুনৰ বিচাৰ আবেদন 20 আগষ্টলৈ স্থগিত

নিউজ ডেস্ক, 6 আগষ্ট : দেশ এৰি পলায়ন কৰা সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ গোচৰৰ পুনৰ বিচাৰৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে 20 আগষ্ট লৈকে স্থগিত ৰাখে ৷ মালিয়াই ন্যায়ালয়ৰ আদেশৰ উলংঘন কৰি নিজৰ সন্তানক 40 লাখ ডলাৰ অৰ্থাৎ প্ৰায় 280 কোটি টকা হস্তান্তৰ কৰিছিল, যিটো সন্দৰ্ভত শীৰ্ষ আদালতে মালিয়াক এই সন্দৰ্ভত আদালতৰ অৱমাননা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল ৷ ইয়াৰ বিৰুদ্ধে মালিয়াই 2017 চনতে পুনৰ বিচাৰৰ বাবে আবেদন দাখিল কৰিছিল ৷

ইয়াৰ পূৰ্বৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ ৰেজিষ্ট্ৰিক বিজয় মালিয়াৰ পুনৰ বিচাৰ আবেদনৰ শুনানিৰ বাবে তিনি বছৰ কিয় লাগিল বুলি প্ৰশ্ন কৰে ৷ ন্যায়াধীশ ইও ললিত আৰু ন্যায়াধীশ অশোক ভুষণৰ বিচাৰপীঠে 16 জুনত নিজৰ আদেশত কয় যে,পুনৰ বিচাৰ আবেদনত কোৱা কথাবোৰৰ শুনানি কৰিলে আমি প্ৰথমে ৰেজিষ্ট্ৰীক তিনি বছৰ ধৰি এই আবেদন সম্বন্ধিত ন্যায়ালয়ত শুনানিৰ বাবে কিয় সূচীবদ্ধ কৰা নহ'ল সেই সন্দৰ্ভত জনাবলৈ নিৰ্দেশ দিয়ে ৷ তাৰ পাছতহে পুনৰ বিচাৰ আবেদনৰ গুণগত মানদণ্ডৰ আধাৰত সিদ্ধান্ত লোৱা হ'ব ৷

লগতে পঢ়ক : বিহাৰত নাও দুৰ্ঘটনাত নিহত 15,সন্ধানহীন 10 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.