ETV Bharat / bharat

ভূপেশ বাঘেলৰ অশ্লীল চি ডি গোচৰৰ শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে - ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল

ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নাম সাঙোৰ খাই পৰা অশ্লীল চি ডি গোচৰৰ শুনানি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহলৈ স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ অশোক ভূষণৰ বিচাৰপীঠে স্থগিত কৰিলে এই গোচৰ সন্দৰ্ভত চি বি আইয়ে জনোৱা আবেদনৰ শুনানি ।

ভূপেশ বাঘেল, ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী
ভূপেশ বাঘেল, ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী
author img

By

Published : Jan 18, 2021, 6:38 PM IST

নিউজ ডেস্ক, ১৮ জানুৱাৰী : উচ্চতম ন্যায়ালয়ে সোমবাৰে স্থগিত কৰিলে অশ্লীল চি ডি গোচৰৰ শুনানি । ২০১৭ চনৰ অশ্লীল চি ডি গোচৰত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল জড়িত থকা সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । ন্যায়াধীশ অশোক ভূষণে অধ্যক্ষতা কৰা বিচাৰপীঠে এই আবেদনৰ শুনানি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহলৈ স্থগিত ৰাখে ।

২০১৭ চনত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই বাঘেলৰ উপৰিও আন ৪ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । বাঘেল সেই সময়ত ছট্টিশগড় কংগ্ৰেছৰ সভাপতি আছিল । উল্লেখ্য যে, ২০১৭ চনৰ ২৭ অক্টোবৰত এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল । সেই ভিডিঅ'টোৰে তৎকালীন লোক কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিজেপি নেতা ৰাজেশ মুনাটৰ নাম সাঙোৰ খাইছিল ।

পিছত ৰাজেশ মুনাটে ভূপেশ বাঘেল আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক বিনোদ বাৰ্মাৰ বিৰুদ্ধে নকল অশ্লীল চি ডি তৈয়াৰ কৰি তেওঁৰ সন্মানত কলংক সনাৰ অভিযোগ উত্থাপন কৰে আৰু গোচৰ ৰুজু কৰে । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই গোচৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পণ কৰে ।

লগতে পঢ়ক:আদালতৰ হাজিৰৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ সমীৰ খানক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.