ETV Bharat / bharat

শশীকলাৰ মুক্তি: কেনেদৰে প্ৰভাৱান্বিত হ’ব তামিলনাডুৰ বিধানসভা নিৰ্বাচন ? - ভিকে শশীকলা

চাৰি বছৰৰ পিচত জেলৰ পৰা মুক্ত হয় ভিকে শশীকলা ৷ জে জয়াললিতাৰ অত্যন্ত ঘনিষ্ঠ শশীকলাৰ মুক্তিয়ে তামিলনাডুৰ আহিবলগীয়া বিধানসভা নিৰ্বাচনক প্ৰভাৱান্বিত কৰিব নে?

Sasikala released
জেলৰ পৰা মুক্ত শশীকলাক লৈ কি হ’ব তামিলনাডুৰ বিধানসভা নিৰ্বাচনত
author img

By

Published : Jan 27, 2021, 7:11 PM IST

Updated : Jan 27, 2021, 7:33 PM IST

নিউজ ডেস্ক, 27 জানুৱাৰী: সামঞ্জস্যহীন সম্পত্তিৰ গোচৰ চাৰিবছৰ ধৰি কাৰাবাস খাটি থকা দক্ষিণ ভাৰতৰ অন্যতম ৰাজনৈতিক ভি কে শশীকলাক বুধবাৰে চাৰিবছৰৰ অন্তত জেলৰ পৰা মুকলি কৰি দিয়া হয় ৷ চেন্নাইৰ মেৰিনাত জে জয়াললিতাৰ স্মৃতিস্থল উদ্বোধনৰ এদিন পিচতেই নেত্ৰীগৰাকীৰ অতিকে ঘনিষ্ঠ শশীকলাক জেলৰ পৰা মুকলি কৰি দিয়া হয় ৷ অৱশ্যে মুক্তিৰ পিচত তিনিদিন চিকিৎসালয়ত থাকিব লাগিব তেওঁ ৷ ইতিমধ্যে AIAMDK দলৰ সাধাৰণ সম্পাদক হোৱাৰ দিশে আগবাঢ়িছে শশীকলা ৷

শশীকলাৰ ঘনিষ্ঠ বিশেষ সূত্ৰই জনোৱা অনুসৰি, মুখ্যমন্ত্ৰী ইডাপাড্ডি কে পালানিস্বামী আৰু উপ-মুখ্যমন্ত্ৰী অ’ পনিৰছেলভমৰ নেতৃত্বত থকা AIADMK ৰ দলৰ মুখ্যালয়ত উপস্থিত নোহোৱাকৈ তেওঁ জিৰণি নলয় ৷ তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শশীকলাৰ ভতিজা টিটিভি দিনাকৰণ আৰু মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ শীৰ্ষ নেতাৰ মিত্ৰতাক লৈ আলোচনা হোৱা বুলিও জানিব পৰা গৈছে ৷

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, তেওঁ দলৰ দায়িত্বত তেতিয়াহে আহিব যেতিয়া এই মিত্ৰতা সন্দৰ্ভত দলে মান্তি হ’ব ৷ যদিহে সকলোখিনি তেওঁৰ মতে নহয় তেতিয়া তেওঁ দলক ওফৰাই দিয়াৰ পূৰ্ণৰূপে চেষ্টা কৰিব যিয়ে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী দুয়োকে ক্ষমতাৰ পৰা ওফৰাই দিবলৈ সক্ষম হ’ব ৷

জয়াললিতাৰ সৈতে থকা শশীকলাৰ সম্পৰ্ক আৰু চাৰিবছৰীয়া বন্দীত্বকালে তামিলনাডুৰ লগতে দক্ষিণ ভাৰতৰ বহুখিনি প্ৰান্তত তেওঁৰ প্ৰতি আৱেগিক সমৰ্থন লাভ কৰিছে ৷ যদিহে তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ পৰা বাহিৰ হয় তেতিয়া AIADMKৰ সকলো সমীকৰণ ওলোটা হৈ পৰিব ৷

পালানিস্বামী যিয়ে শশীকলাৰ সমৰ্থনত মুখ্যমন্ত্ৰী হৈছিল, তেওঁ দলৰ অধিকাংশ কাম-কাজৰ লগতে চৰকাৰৰ সকলো নীতি তেওঁৰ হাততেই ন্যস্ত থাকে ৷ ইতিমধ্যে পালানিস্বামীয়ে দলৰ বিধায়িনী দলৰ নেতা হিচাপে বিধায়কসকলৰ প্ৰসংগ টানি আনি শশীকলাৰ হস্তক্ষেপ নাকচ কৰিছে ৷

আনহাতে পনিৰছেলভমে পালানিস্বামীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে যদিও দলীয় কৰ্মীসকলে AIADMKৰ মাজত চলি থকা বিবাদ সন্দৰ্ভত জ্ঞাত ৷ বিজেপি দলৰ সৈতে বিশেষ সম্পৰ্ক থকা পনিৰছেলভমে ছপা আৰু বৈদ্যুতিক মাধ্যমত জয়াললিতাৰ প্ৰসংগ টানি আনি পৃথকে নিজৰ বাবে প্ৰচাৰ চলাই আছে ৷

আইনগতভাৱে শশীকলাই তেওঁৰ ভতিজা টিটিভি দিনাকৰণৰ সৈতে একেলগে কাম কৰিব নোৱাৰে যি AMMK দলৰ সাধাৰণ সম্পাদক ৷ শশীকলাই এইটো দলৰ বিৰুদ্ধে AIADMKৰ প্ৰতীকপদ ব্যৱহাৰ কৰাক লৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু সেয়া এতিয়াও শীৰ্ষ আদালতত আৱদ্ধ হৈ আছে ৷ যদিও দিনাকৰণে শশীকলাক জেলৰ পৰা ওলাই অহাৰ সময়ত আনিব গৈছিল, তেতিয়াও কিন্তু শশীকলাই দিনাকৰণৰ আগত কোনো মন্তব্য কৰা নাছিল ৷ আৰকে নগৰৰ বিধায়ক তথা AMMK দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে জয়াললিতাৰ স্মৃতিস্থল সন্দৰ্ভত কয় যে, AIADMKৰ সৈতে একেলগে তেওঁলোকে এই মুক্তি উদযাপন কৰিছে ৷ ইয়ে দৰাচলতে দুটা পাতযুক্ত দলীয় প্ৰতীকচিহ্নক লৈ শশীকলাই যে পুনৰ আইনৰ দাৰস্থ হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈছে ৷

প্ৰাক্তন মন্ত্ৰী তথা AIADMKৰ মুখপাত্ৰ ভাইগাইছেলভানৰ সৈতে এই সন্দৰ্ভত কথা পতাত তেওঁ জনাইছিল যে, শশীকলাই এই সপ্তাহত অথবা আগন্তুক সপ্তাহত চেন্নাইত উপস্থিত হ’ব আৰু তাৰ পূৰ্বেই শশীকলাৰ সৈতে মোকাবিলা কৰিবলৈ নীতি প্ৰস্তুত কৰা হ’ব ৷

অধিবক্তা তথা AIADKMৰ মুখপাত্ৰ আৰএম বাবু মুৰুগাভেল যি শশীকলাৰ অত্যন্ত বিৰোধী, কয় যে, দলক শশীকলাৰ নেতৃত্ব অথবা দিহা-পৰামৰ্শৰ একেবাৰেই প্ৰয়োজন নাই ৷ তেওঁ এগৰাকী দোষী যিয়ে চাৰিবছৰ জেল খাটি আহিছে ৷ বৰ্তমানে তেওঁ পৰিয়ালৰ সৈতে শান্তিপূৰ্ণভাৱে সময় পাৰ কৰিব লাগে ৷ আমাৰ ওচৰত দল আৰু চৰকাৰ চলাবলৈ পনিৰছেলভম আৰু পালানিস্বামী আছে ৷

AMMKৰ মুখপাত্ৰ ভি ভেট্ৰিপান্দিয়ানৰ মতে, তেওঁলোকে AIADMKৰ পৰা তেওঁলোকৰ নায্য অধিগ্ৰহণ কৰিব ৷ এই সন্দৰ্ভত আমাৰ বিন্দুমাত্ৰও অৱকাশ নাই ৷ প্ৰাক্তন সাংবাদিকগৰাকীয়ে শশীকলাৰ নীতি সন্দৰ্ভত এই বিষয়ে একমাত্ৰ শশীকলাই জানিব কিন্তু তেওঁলোকে শশীকলাৰ নীতিলৈ অপেক্ষা কৰিব আৰু সেই নীতি ওলোটাই তেওঁৰ ওপৰতে প্ৰয়োগ কৰিব ৷

লগতে পঢ়ক: কোনো ছোৱালী ৰাহুলৰে বিয়া হ’ব নিবিচাৰে;কিন্তু তেওঁ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে: প্ৰজ্ঞা ঠাকুৰ

Last Updated : Jan 27, 2021, 7:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.