নেশ্বনেল ডেস্ক, 13 ছেপ্তেম্বৰ : সাৰদা কেলেংকাৰীৰে জড়িত প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক সুৰক্ষা প্ৰদানৰ আবেদন নাকচ কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে ৷ এই আবেদন অনুসৰি, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ (চিবিআই) দ্বাৰা ৰাজীৱ কুমাৰক আটকাধীন হোৱাৰ পৰা সুৰক্ষা প্ৰদানৰ বাবে অনুৰোধ জনোৱা হৈছিল ৷ কিন্তু কলিকতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে এই আবেদন নাকচ কৰে ৷
উল্লেখ্য যে, পশ্চিম বংগৰ অতিৰিক্ত মহানিৰ্দেশক হিচাপে বৰ্তমান কৰ্মৰত কুমাৰ আছিল সাৰদা কেলেংকাৰীৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া বিশেষ দলৰ সদস্য ৷ 2014 চনত উচ্চতম ন্যায়ালয়ে সমগ্ৰ কেলেংকাৰীৰ উচিত তদন্তৰ বাবে চিবিআইৰ হাতত দায়িত্ব অৰ্পন কৰিছিল ৷ সাৰদা গ্ৰুপে লক্ষাধিক লোকক প্ৰতাৰণা কৰাৰ লগতে 2,500 কোটি টকা আত্মসাৎ কৰিছিল ৷