ETV Bharat / bharat

জনা নজনা কিছু কথা: ভাৰতৰ এখন গাঁৱত বৰ্তমানেও প্ৰচলিত সংস্কৃত ভাষা - সংস্কৃত ভাষা

বৰ্তমানেও এইখন ভাৰতৰে এখন গাঁৱত প্ৰচলিত দেৱভাষা সংস্কৃত ৷ দক্ষিণ ভাৰতত অৱস্থিত সেই গাঁও ৷ সেই গাঁওখনৰ বিষয়ে জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে...

ভাৰতৰ এখন গাঁৱত বৰ্তমানেও প্ৰচলিত সংস্কৃত ভাষা

author img

By

Published : Jul 23, 2020, 12:08 PM IST

নেশ্যনেল ডেস্ক, 23 জুলাই: সংস্কৃত বৰ্তমান আমাৰ মাজত পৰা ক্ৰমান্বয়ে দুষ্প্ৰাপ্য হ'বলৈ ধৰা এটা ভাষা ৷ যাৰ অস্তিত্ব সম্প্ৰতি বৈদিক মন্ত্ৰ, স্ত্ৰোত আদিতে সীমাবদ্ধ ৷ অধিকাংশ ভাৰতীয় ভাষাৰে ক্ৰমবিকাশৰ সৈতে এই ভাষা সংপৃক্ত হৈ আছে ৷ কিন্তু স্বায়ং সেই ভাষা আজি বিলুপ্তপ্ৰায় ৷ মুখস্থ বিদ্যাতে আবদ্ধ বৰ্তমানৰ সংস্কৃত শিক্ষা ৷ অথচ একালত এই ভাৰত দেশতে সংস্কৃত টোলৰ পৰাই আৰম্ভ হৈছিল শিক্ষাগ্ৰহণ ৷ তথাপিও আগৰ সেই গৰিমাৰেই এই ভাষাই প্ৰাধান্য লাভ কৰি আহিছে দক্ষিণ ভাৰতৰ এখন গাঁও মাতুৰত ৷ কেৱল ভাৰতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এক অংশ হিচাপে নহয়, এই ইণ্টাৰনেটৰ যুগত আজিৰ ভাৰততে অৱস্থিত এইখন গাঁৱৰ মানুহৰ কথিত ভাষা হ'ল সংস্কৃত ৷

কৰ্ণাটকৰ শিমোগা জিলাৰ মাতুৰ গাঁও ৷ প্ৰায় 5 হাজাৰ লোকৰ বসতিস্থান এই গাঁও ৷ আপুনি জানিলে আচৰিত হ'ব যে, এই গাঁৱৰ লোকৰ মাজত কথোপকথন চলে সংস্কৃত ভাষাত ৷ আপুনি হয়তো ভাবিছে এই গাঁৱত আধুনিক যুগৰ কোনো ৰেখাপাত নাই নেকি ? নিশ্চয় ভাবিব ৷ বহু বছৰৰ ঐতিহ্য অনুসৰণ কৰি এই গাঁৱৰ শিশুসকলে 10 বছৰ বয়সৰ পৰাই আৰম্ভ কৰে বৈদিক মন্ত্ৰপাঠ ৷ তাৰ পূৰ্বে অভিভাৱক, আত্মীয়, প্ৰতিবেশী আদিৰ কথোপকথন শুনিয়েই সংস্কৃতক মাতৃভাষা হিচাপে আয়ত্ব কৰে শিশুসকলে ৷

দেৱনাগৰী লিপি
দেৱনাগৰী লিপি

এই গাঁৱত আছে সংস্কৃত শিক্ষাকেন্দ্ৰ সংস্কাৰ ভাৰতী ৷ ইয়াৰ শিক্ষক সকলেই নৱ প্ৰজন্মক দি আহিছে সংস্কৃত শিক্ষা ৷ যাৰ বাবেই আজি গাঁওখনৰ সৰহভাগ লোকৰে মাতৃভাষা সংস্কৃত ৷ প্ৰবাদ অনুসৰি এই সংস্কৃত শিক্ষাকেন্দ্ৰ প্ৰায় 1 হাজাৰ বছৰ পুৰণি ৷ যিয়ে প্ৰজন্মৰ পাচত প্ৰজন্ম ধৰি দি গৈছে সংস্কৃতৰ শিক্ষা ৷ তাৰেই ফলস্বৰূপে আজি গাঁওখনৰ অধিকাংশ লোকৰে মাতৃভাষা হৈ পৰিছে সংস্কৃত ৷ কিন্তু সাম্প্ৰতিক সময়ত তেওঁলোকৰ ভাষাত মিশ্ৰিত হৈছে কিছু পৰিমাণৰ তামিল, তেলেগু আৰু কন্নড় ভাষা ৷ তথাপিও ভাষা শিক্ষাত অনুসৰণ কৰা হয় দেৱভাষা সংস্কৃতকেই ৷ লগতে তেওঁলোকে লিপিও ব্যৱহাৰ কৰে দেৱনাগৰী ৷

লগতে পঢ়ক: আজৱ: এজোপা গছেৰেই সৃষ্টি এখন অৰণ্য সদৃশ উদ্যানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.