নিউজ ডেস্ক, ২২ জুলাইঃ বলিউড অভিনেতা সঞ্জয় দত্ত আৰু ৰণবীৰ কাপুৰৰ আহিবলগীয়া ছবি "ছামছেৰা"ৰ নিৰ্মাতাই আগন্তুক মাহৰ পৰা ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও পুনৰ ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম স্থগিত ৰখা হয় বুলি জানিবলৈ দিয়ে। মহামাৰী COVID-19ৰ সংক্ৰমণৰ বাবেই স্থগিত ৰখা হয় ছবিখনৰ দৃশ্য় গ্ৰহণৰ কাম ।
খবৰ অনুসৰি,আদিত্য চোপ্ৰাৰ বেনাৰত যশৰাজ ফিল্মছে আগষ্টৰ প্ৰথম সপ্তাহত "ছামছেৰা"ৰ দৃশ্য গ্ৰহণ কাম আৰম্ভ কৰাৰ কথা আছিল। সঞ্জয় দত্ত আৰু ৰণবীৰৰ উপস্থিতিত আগন্তুক ১ আগষ্টৰ পৰা YRF ষ্টুডিঅ' পুনৰ দৃশ্য গ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও পুনৰ ১৫ আগষ্টলৈ স্থগিত কৰা হয় দৃশ্য গ্ৰহণৰ কাম ।
লগতে চাওকঃ ৩১ জুলাইলৈ বৃদ্ধি সাংবাদিক ৰাজীৱ শৰ্মাৰ অন্তৱৰ্তীকালীন জামিন