নিউজ ডেস্ক, 23 ডিচেম্বৰ: 2019-20 বৰ্ষৰ বাবে ফিকিৰ চেম্বাৰ উদ্যোগৰ অধ্যক্ষ ৰূপে দ্বায়িত্বভাৰ গ্ৰহণ এপ'ল' হাস্পতালৰ যুটীয়া পৰিচালন সঞ্চালক সংগীতা ৰেড্ডীৰ ৷ এইচ এছ আই এলৰ উপাধ্যক্ষৰ পিছত তেওঁ এই দ্বায়িত্ব গ্ৰহণ কৰে ৷
দ্যা ৱল্ড ডিজনি কোম্পানী (APAC) আৰু ষ্টাৰ এণ্ড ডিজনি ইণ্ডিয়া অধ্যক্ষ উদয় শংকৰক ফিকিৰ জ্যেষ্ঠ উপাধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয় ৷ আনহাতে এইছইউএলৰ(HUL) ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সঞ্জীৱ মেহতা নিযুক্ত হয় ফিকিৰ উপাধ্যক্ষ হিচাপে ৷
মই আশা কৰো যে, ফিকি আৰু সমগ্ৰ ভাৰতৰ বাবে আগন্তুক বৰ্ষটো খুবেই ভাল হ'ব ৷ ভাৰতবৰ্ষক 5 ট্ৰিলিয়ন মাৰ্কিন ডলালৰ অৰ্থনৈতিক দেশ হিচাপে গঢ়াৰ লক্ষ্য আগত ৰাখি আমি ইতিমধ্যে এখন ৰ'ড মেপো তৈয়াৰ কৰিছো বুলি প্ৰকাশ কৰে ফিকিৰ নৱ নিযুক্ত অধ্যক্ষ সংগীতা ৰেড্ডীয়ে ৷ লগতে এই লক্ষ্য পূৰণৰ হকে প্ৰত্যকেই অহোপুৰুষাৰ্থ কৰিব লাগিব বুলিও উল্লেখ কৰে ৰেড্ডীয়ে ৷