ETV Bharat / bharat

দিল্লীৰ প্ৰখ্যাত লেখিকা সাদিয়া দেহলভীৰ দেহাৱসান

দিল্লীৰ প্ৰখ্যাত লেখিকা সাদিয়া দেহলভীৰ বুধবাৰে নিজ বাসগৃহত দেহাৱসান ঘটে ৷ কৰ্কট ৰোগত চিকিৎসাধীন হৈ থকা লেখিকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 63বছৰ ৷ লেখিকাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ বিশিষ্ট ইতিহাসবিদ এচ ইৰফান হাবিবৰ ৷

author img

By

Published : Aug 6, 2020, 9:27 AM IST

Sadia Dehlvi dies at 63, Delhi lost its favourite story-teller
দিল্লীৰ প্ৰখ্যাত লেখিকা সাদিয়া দেহলভীৰ দেহাৱসান

নিউজ ডেস্ক,6আগষ্ট: দিল্লীৰ প্ৰখ্যাত লেখিকা আৰু কাৰ্যকৰ্তা সাদিয়া দেহলভীৰ বুধবাৰে নিজ বাসগৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল লেখিকাগৰাকী ৷ লেখিকাগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 63 বছৰ ৷ কেইদিনমান পূৰ্বে লেখিকাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু চিকিৎসা চলাই থকা হৈছিল লেখিকাগৰাকীৰ ৷

  • Sad to hear about the tragic demise of Sadia Dehlavi, a well known cultural figure of Delhi, a dear friend and a wonderful human being. Rest in Peace.

    — S lrfan Habib (@irfhabib) August 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰয়াত লেখিকাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে বিশিষ্ট ইতিহাসবিদ এচ ইৰফান হাবিবে ৷ ইতিহাসবিদগৰাকীয়ে টুইটাৰযোগে কয়,'' দিল্লীৰ সুপৰিচিত ব্যক্তি সাদিয়া দেহলভীৰ কৰুণ মৃত্যুৰ খবৰে মোক দুখিত কৰি তুলিছে ৷ তেওঁ মোৰ এগৰাকী প্ৰিয় বান্ধৱী আছিল'' ৷

অন্য এক খবৰৰ বাবে: বিহাৰৰ খাগৰিয়াত নাও দুৰ্ঘটনা : 10 মৃতদেহ উদ্ধাৰ

প্ৰখ্যাত লেখিকা সাদিয়া দেহলভী ৰাজকীয় 'শমা' পৰিবাৰৰ সদস্য আছিল ৷ লেখিকাগৰাকীয়ে এখন 'উৰ্দু মহিলা' নামে পত্ৰিকা সম্পাদন কৰিছিল ৷ তেওঁৰ ককায়েক হাফিজ ইউসুফ দেহলভীয়েও 1938চনত 'শামা' নামৰ এখন উৰ্দু চলচিত্ৰ আৰু সাহিত্যিক মাসিক বুলি এখন মাহেকীয়া আলোচনী সম্পাদন কৰিছিল ৷

2017চনত প্ৰয়াত লেখিকাগৰাকীয়ে দিল্লীৰ ৰন্ধন সম্পৰ্কিত এখন কিতাপ লিখি উলিয়াইছিল ৷ কিতাপখনৰ নাম আছিল 'Jasmine & Jinns' ৷ কিতাপখনত দিল্লীৰ বহু সুস্বাদু খাদ্যৰ কথা উল্লেখ কৰা হৈছিল ৷

বহুমুখী প্ৰতিভাৰ অধিকাৰী সাদিয়া দেহলভীয়ে 'Amma and Family' নামৰ এটা টেলিভিচন অনুষ্ঠানৰো চিত্ৰনাট্য কৰিছিল ৷ এই অনুষ্ঠানৰ চিত্ৰনাট্য কাৰ্যত সহায় কৰিছিল বিশিষ্ট অভিনেতা জোহৰা শেগলে ৷

অন্য এক খবৰৰ বাবে:আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ ৰাহুল গান্ধীৰ

প্ৰয়াত লেখক খুশৱন্ত সিঙ আছিল সাদিয়া দেহলভীৰ ভাল বন্ধু ৷ প্ৰয়াত লেখকগৰাকীয়ে তেখেতৰ 'Not a Nice Man to Know' নামৰ কিতাপখন প্ৰয়াত লেখিকা সাদিয়া দেহলভীৰ নামত উৎসৰ্গা কৰিছিল ৷

প্ৰয়াত লেখক খুশৱন্ত সিঙে 'Men and Women in my Life' নামৰ আন এখন কিতাপত সাদিয়া দেহলভীয়ে মোক প্ৰাপ্য,কুখ্যাতি আৰু বহু মৰম দিছিল বুলি উল্লেখ কৰি কিতাপখনত প্ৰয়াত সাদিয়াৰ এখন ফটোসহ সাদিয়া সন্দৰ্ভত এটা অধ্যায়ো সন্নিৱিষ্ট কৰিছিল কিতাপখনত ৷

ইফালে,প্ৰয়াত সাদিয়া দেহলভীয়ে টেলিভিচন অনুষ্ঠানত সাক্ষাৎগ্ৰহণ কৰা মহিলালসকলৰ কাহিনীৰ ওপৰত ভিত্তি কৰি প্ৰয়াত লেখক খুশৱন্ত সিঙে লিখি উলিয়াইছিল 'Not a Nice man to Know' কিতাপখন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.