ETV Bharat / bharat

মুম্বাইত প্লাজমা থেৰাপি ইউনিট মুকলি কৰিলে শচীন তেণ্ডুলকাৰে - বিএমচি

"যিসকল লোকে কোভিড-১৯ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে তেওঁলোকে আগুৱাই আঁহক আৰু প্লাজমা থেৰাপিৰ বাবে ৰক্তদান দিয়ক। যাতে আপোনালোকৰ সহায়ে আন বহুজনৰ জীৱন বচাব পাৰে।"- শচীন তেণ্ডুলকাৰ

plasma therapy unit
sachin Tendulkar inaugurates COVID-19 plasma therapy unit at Mumbai hospital
author img

By

Published : Jul 8, 2020, 9:04 PM IST

নিউজ ডেস্ক, ৮ জুলাইঃ বুধবাৰে মুম্বাইৰ অন্ধেৰিস্থিত চেভেন হিলছ্ হাস্পতাল( Seven Hills Hospital)ত কোভিড-১৯ ৰোগীৰ বাবে প্লাজমা থেৰাপি ইউনিট মুকলি কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে। এই ইউনিটতো মুকলি কৰি খেলুৱৈগৰাকীয়ে প্লাজমা দানৰ মাধ্যমেৰে গুৰুতৰভাৱে অসুস্থ ৰোগীসকলৰ জীৱন বচাবলৈ আহ্বান জনায়। লগতে, এই সংকটৰ সময়ত নিজৰ নিজৰ সেৱা আগবঢ়াই অহা চিকিৎসক, আৰক্ষীৰ লোক, পৌৰ নিগম তথা চৰকাৰী কৰ্মীসকলৰ প্ৰশংসা কৰে।

বিএমচি (Brihanmumbai Municipal Corporation)ৰ উদ্যোগত প্লাজমা থেৰাপি ইউনিট মুকলিৰ জড়িয়তে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্যখন আৰু এখোজ আগুৱাই গৈছে। উল্লেখ্য যে, আজি মুকলি হোৱা প্লাজমা থেৰাপি ইউনিটতোত কোভিড-১৯ ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকসকলে দান কৰা তেজ প্লাজমাৰে কোভিড-১৯ ৰোগীসকলক প্লাজমা থেৰাপি দিয়া হ'ব।

ইফালে, প্লাজমা থেৰাপি ইউনিটতো মুকলি কৰি ক্ৰিকেট আইকণগৰাকীয়ে কয় যে, "কোভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ দেশে সংকটৰ সম্মুখীন হ'বলগীয়া হৈছে। এইসময়ত কোভিড-১৯ ৰোগীসকলক সুস্থ কৰি তোলা তথা এই ভাইৰাছৰ সংক্ৰমন ৰোধ কৰিবৰ বাবে চিকিত্সক, আৰক্ষী, পৌৰ নিগম আৰু বহুসংখ্যক কৰ্মচাৰীয়ে নিৰবিচ্ছিন্নভাৱে নিজৰ সেৱা আগবঢ়াই আছে।"

"সমগ্ৰ বিশ্বৰ গৱেষকসকলে এই মহামাৰী প্ৰতিৰোধৰ বাবে ভেকচিনৰ পৰীক্ষা নিৰীক্ষা চলোৱাত ব্যস্ত হৈ আছে। এনে সময়তেই প্লাজমা থেৰাপি এটা ভাল বিকল্প হিচাপে বিবেচিত হৈছে। মই বিএমচিক এই সুবিধাৰ আৰম্ভণি কৰাৰ বাবে অভিনন্দন জনাইছো" বুলি উল্লেখ কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে।

"যিসকল লোকে কোভিড-১৯ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে তেওঁলোকে আগুৱাই আঁহক আৰু প্লাজমা থেৰাপিৰ বাবে ৰক্তদান দিয়ক। যাতে আপোনালোকৰ সহায়ে আন বহু কেইজনৰ জীৱন বচাব পাৰে।" মুম্বাইৰ অন্ধেৰীস্থিত প্লাজমা থেৰাপি ইউনিটতো মুকলি কৰি এই আহ্বান জনায় প্ৰাক্তন খেলুৱৈগৰাকীয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.