ETV Bharat / bharat

মহিলাৰ বাবে হেল্পলাইন নম্বৰ মুকলি আৰএছএছৰ - আৰএছএছৰ দ্বাৰা মুকলি হেল্পলাইন নম্বৰ

কোভিড-১৯ৰ লকডাউনৰ মাজত সংঘটিত ঘৰুৱা হিংসা, অত্যাচাৰৰ বলি হোৱা মহিলাসকলক সহায়ৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ । মহিলাসকলৰ সহায়ৰ উদ্দেশ্যে আৰএছএছে মুকলি কৰা নম্বৰটো হৈছে 817-817-1234 ।

মহিলাসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি আৰএছএছৰ

author img

By

Published : Apr 25, 2020, 12:59 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ মহিলাসকলৰ সহায়ৰ বাবে ওলাই আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ । এইবাৰ সংঘৰ উদ্যোগত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা আৰএছএছৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰকাশ কৰা তথ্য অনুসৰি, সৰ্বভাৰতীয় পৰ্যায়ত মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ । মহিলাসকলৰ বাবে মুকলি কৰা হৈছে 817-817-1234 নম্বৰটো । এই নম্বৰত ফোন কৰি মহিলাসকলে যিকোনো ধৰণৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে, কোভিড-১৯ৰ লকডাউনৰ মাজতে সংঘই মুকলি কৰিছে এইটো নম্বৰ । ইয়াৰ দ্বাৰা মহিলাসকলে লকডাউনৰ সময়ত সন্মুখীন হোৱা ঘৰুৱা হিংসা, পাৰিবাৰিক অশান্তি, অত্যাচাৰ আদিৰ পৰা ৰক্ষা কৰিবলৈ সংঘই মুকলি কৰিছে এইটো নম্বৰ । আৰএছএছৰ সৈতে জড়িত অধিবক্তা প্ৰতিমা লাক্ৰাই প্ৰকাশ কৰা অনুসৰি, তেওঁলোকৰ প্ৰথম আৰু প্ৰাথমিক উদ্দেশ্য হৈছে মহিলাসকলক আইনী আৰু স্বাস্থ্যগত সাহাৰ্য প্ৰদান কৰা । আজিৰ সময়ত মহিলা আৰু পুৰুষৰ সম-অধিকাৰ আছে যদিও মহিলাসকলে এইক্ষেত্ৰত অধিক হিংসাৰ সন্মুখীন হোৱাটো বহুটো দুখজনক কথা ।

আৰএছএছে আৰম্ভ কৰা এই হেল্পলাইনৰ দ্বাৰা মহিলা সৱলীকৰণৰ দিশে সংঘই আৰু এখোজ আগবাঢ়িলে বুলি লাক্ৰাই মন্তব্য কৰে ।

লগতে পঢ়কঃ ক’ভিড-১৯ সন্দৰ্ভত নেডাৰলেণ্ডছৰ সৈতে সহযোগিতা অব্যাহতঃ ভাৰতীয় ৰাষ্ট্ৰদূত বেণু ৰাজামণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.